உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • গৰ্ভত থকা সন্তান ল’ৰা নে ছোৱালী? জানিবলৈ গৰ্ভৱতী পত্নীৰ পেট কাটি দিলে স্বামীয়ে

    গৰ্ভত থকা সন্তান ল’ৰা নে ছোৱালী? জানিবলৈ গৰ্ভৱতী পত্নীৰ পেট কাটি দিলে স্বামীয়ে

    চুৰীৰে কাটি দিলে পত্নীৰ পেট। তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মাটিত ঢলি পৰে গৰ্ভৱতী পত্নী

    চুৰীৰে কাটি দিলে পত্নীৰ পেট। তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মাটিত ঢলি পৰে গৰ্ভৱতী পত্নী

    চুৰীৰে কাটি দিলে পত্নীৰ পেট। তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মাটিত ঢলি পৰে গৰ্ভৱতী পত্নী

    • Share this:
    ভয়ংকৰ ঘটনা! দেশত যেন ক্ৰমাত্‍ বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। এতিয়াও একাংশই ল’ৰা-ছোৱালীৰ মাজত বাচ-বিচাৰ কৰা দেখা যায়। কন্যা সন্তান জন্ম দিলে পত্নীক শাৰীৰিক ভাবে অত্যাচাৰ কৰাৰ দৰে বাতৰিও প্ৰায়ে শুনিবলৈ পোৱা যায়।

    ভাৰতবৰ্ষত গৰ্ভত থকা সন্তানৰ লিংগ পৰীক্ষা কৰা আইন মতে দণ্ডনীয়। গৰ্ভত থকা সন্তান ল’ৰা নে ছোৱালী পৰীক্ষা কৰিবলৈ গৈ এইবাৰ এজন লোকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।  লিংগ বিচাৰ কৰিবলৈ গৰ্ভৱতী পত্নীৰ পেট কাটি দিলে স্বামীয়ে। উত্তৰ প্ৰদেশত বৰেলীত সংঘটিত হৈছে এই ঘটনা।

    অভিযুক্ত লোকজনৰ নাম পান্নালাল। ছয় বছৰ আগতেই দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ পিছত পাঁচ জনীকৈ ছোৱালী জন্ম দিয়াত পত্নীৰ ওপৰত অসন্তুষ্ট আছিল পান্নালাল। প্ৰয়েই পত্নীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে শাৰীৰিক ভাবেও অত্যাচাৰ কৰিছিল পান্নালালে। কিন্তু এইবাৰ সকলো সীমা চেৰাই ষষ্ঠবাৰলৈ গৰ্ভৱতী হোৱা পত্নীৰ গৰ্ভত থকা সন্তান ল’ৰা নে ছোৱালী পৰীক্ষা কৰিবলৈ চুৰীৰে পেট কাটি দিয়ে পান্নালালে।

    শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। চুৰীৰে আঘাত কৰাৰ পিছতে বিষত চটফটাই মাটিত ঢলি পৰে গৰ্ভৱতী পত্নী। পিছত ওচৰ চুবুৰীয়াই মহিলাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিত্‍সালয়ত ভৰ্তি কৰায়। আনহাতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পান্নালালক। জানিব পৰা মতে, এতিয়াও সংকট মুক্ত হোৱা নাই মহিলাগৰাকীৰ লগতে গৰ্ভত থকা সন্তানটি।
    Published by:Himangshu Bhuyan
    First published: