ইছলাম ধৰ্মত মহৰমৰ যথেষ্ট গুৰুত্ব আছে। এই ধৰ্মীয় ৰীতি মহৰম মাহত (ইছলাম ধৰ্মৰ প্ৰথম মাহ)মুছলমান সম্প্ৰদায়ৰ দ্বাৰা হজৰত ইমাম হুছেইনৰ শ্বহীদক স্মৰণ কৰি ১০ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। মুছলমান সম্প্ৰদায়ৰ লোকসকলে পয়গম্বৰ মহম্মদৰ সৰু নাতিৰ ত্যাগ আৰু কষ্টৰ বাবে এয়া পালন কৰে।
এই বৰ্ষৰ মহৰম ৩১ জুলাইৰ পৰা আৰম্ভ হয় আৰু ৯ আগষ্ট তাৰিখৰ দিনটোত য়াউম-ই-আছুৰা পালন কৰা হ'ব। মুছলমান সম্প্ৰদায়ৰ মহৰম বিহাৰৰ এখন গাঁৱত হিন্দু সম্প্ৰদায়ৰ লোকসকলেও উদযাপন কৰে। হাছানগঞ্জ খণ্ড বিহাৰৰ কাটিহাৰ জিলাৰ এখন গাঁও। এই গাঁওখনৰ নামটোৱে হিন্দু-মুছলমান সম্প্ৰীতিৰ এক আভাস দেখুৱায়। ইয়াত থকা হিন্দু সম্প্ৰদায়ৰ লোকসকলে কেইবা দশক ধৰি মহৰম উদযাপন কৰি আহিছে।
আঁৰৰ কাহিনী আকৰ্ষণীয়
ইয়াৰ আঁৰৰ কাহিনীটো অতি আকৰ্ষণীয়। গাঁওবাসীসকলে জনাই যে পূৰ্বপুৰুষসকলে দিয়া প্ৰতিশ্ৰুতি পালন কৰি তেওঁলোকে এই পৰম্পৰাটো পালন কৰি আহিছে। তেওঁলোকে আশা কৰিছে যে আগন্তুক প্ৰজন্ময়ো এনেদৰেই এই পৰম্পৰা বজাই ৰাখিব।
দৰাচলতে আগতে এই গাঁওখনত উকীল মিঞা নামৰ এজন ব্যক্তিয়ে বাস কৰিছিল। তেওঁৰ পুত্ৰৰ মৃত্যুৰ পিছত শোকদগ্ধ মিঞাই নিজ গাঁও এৰি ক'ৰবালৈ গুচি যায়। যোৱাৰ আগতে তেওঁ বন্ধু ছেদী শ্বাহক গাঁওখনত মহৰম উদযাপন কৰিবলৈ অনুৰোধ কৰিছিল। গাঁওখন হিন্দু অধ্যুষিত অঞ্চল আছিল আৰু উকীল মিঞাৰ প্ৰস্থানৰ পিছত গাঁওখনত কোনো মুছলমান পৰিয়াল বাকী নাছিল। এনে পৰিস্থিতিত গাঁওবাসীয়ে উকীল মিঞাৰ অনুৰোধ ৰক্ষা কৰি মহৰম উদযাপন কৰি আহিছে হিন্দু বাসিন্দসকলে।
মহমেদিয়া হৰিপুৰ গাঁওখনত হিন্দু সম্প্ৰদায়ৰ লোকসকলে মুছলমানৰ দৰেই মহৰম উদযাপন কৰি আহিছে। বহু সংখ্যক হিন্দু মহিলাও জড়িত থাকে এই ৰীতিত। হিন্দু সম্প্ৰদায়ৰ লোকসকলে মাজাৰত চাদৰ দিয়া দেখিবলৈ পোৱা যায়। ইমাম হুছেইনৰ শ্বহীদক স্মৰণ কৰি শ্ল'গানো দিয়া হয় আৰু ফাতিহাও পঢ়া হয়। কেৱল এয়াই নহয়, সমগ্ৰ গাঁওখনত তাজিয়াৰ এক শোভাযাত্ৰাও উলিওৱা হয়। যোৱা দুবছৰ ধৰি কোৰোনাৰ বাবে এই পৰম্পৰা সাধাৰণভাৱে পালন কৰা হৈছিল। এইবাৰ মহৰমক উলহ–মালহেৰে উদযাপন কৰা হৈছে।