• Home
  • »
  • News
  • »
  • nation
  • »
  • Jammu and Kashmir : জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আদিল পাৰেসহ নিহত ৩, আহত ২ সেনা

Jammu and Kashmir : জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আদিল পাৰেসহ নিহত ৩, আহত ২ সেনা

সেনাৰ অভিযানত এবছৰত এতিয়ালৈ কাশ্মীৰ উপত্যকাত ১০০জন সন্ত্ৰাসবাদী নিহত হৈছে।

সেনাৰ অভিযানত এবছৰত এতিয়ালৈ কাশ্মীৰ উপত্যকাত ১০০জন সন্ত্ৰাসবাদী নিহত হৈছে।

সেনাৰ অভিযানত এবছৰত এতিয়ালৈ কাশ্মীৰ উপত্যকাত ১০০জন সন্ত্ৰাসবাদী নিহত হৈছে।

  • Share this:
শেহতীয়াকৈ দুজন আৰক্ষীৰ হত্যাকাণ্ডত জড়িত লস্কৰ-ই-তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আদিল পাৰে দেওবাৰে আৰক্ষীৰ এটা দলৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয়। জম্মু-কাশ্মীৰ আৰক্ষীয়ে (Jammu and Kashmir police) জনোৱা অনুসৰি, শ্ৰীনগৰত দুজন আৰক্ষী বিষয়া গোলাম হাছান দাৰ আৰু চৈফুল্লা কাদৰীৰ হত্যাৰ লগত জড়িত আছিল পাৰে।

ইয়াৰ লগতে দেওবাৰে ৰাতিপুৱা পুলৱামাত এনকাউণ্টাৰত আৰু দুজন সন্ত্ৰাসবাদী নিহত হয়। নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা দিনটোত তিনিজনলৈ বৃদ্ধি হয়। কালিও দুই সন্ত্ৰাসবাদী নিহত হৈছিল সংঘৰ্ষত। যোৱা ২৪ ঘণ্টাত জম্মু-কাশ্মীৰত নিহত হোৱা সন্ত্ৰাসবাদীৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পায়।



আনহাতে, দেওবাৰৰ দিনটোত পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত হোৱা এক সংঘৰ্ষত (Encounter in Jammu & Kashmir) দুজনকৈ ভাৰতীয় সেনাৰ জোৱান আহত হয়। আহত সেনা দুজনক হেলিকপ্টাৰৰ জৰিয়তে হাস্পতাললৈ নিয়া হয়। উল্লেখ্য, জম্মু আৰু কাশ্মীৰত পাক সমৰ্থিত উগ্ৰপন্থীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা দেখা গৈছে। সমান্তৰালভাৱে সেনাৰ অভিযানত এবছৰত এতিয়ালৈ কাশ্মীৰ উপত্যকাত ১০০জন সন্ত্ৰাসবাদী নিহত হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি