LPG Gas Connections: ১ ফেব্ৰুবাৰীত দাখিল কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুনকৈ এক কোটি গেছ কানেকশ্যন দিয়াৰ কথা ঘোষণা কৰিছে। LPG Gas Connections: ১ ফেব্ৰুবাৰীত দাখিল কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুনকৈ এক কোটি গেছ কানেকশ্যন দিয়াৰ কথা ঘোষণা কৰিছে। LPG Gas Connections: ১ ফেব্ৰুবাৰীত দাখিল কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুনকৈ এক কোটি গেছ কানেকশ্যন দিয়াৰ কথা ঘোষণা কৰিছে। এই গেছ কানেকশ্যন উজ্জ্বলা আঁচনিৰ অধীনত দিয়া হ'ব। উল্লেখ্য যে, এই আঁচনিৰ অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালক গেছৰ কানেকশ্যন দিয়া হয়।
লাভ কৰিব ১৬০০ টকা-
প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰৰ অধীনত দৰিদ্ৰ পৰিয়ালক চৰকাৰে বিনামূলীয়াকৈ গেছৰ কানেকশ্যন দিয়ে। ইয়াৰ বাবে চৰকাৰে প্ৰদান কৰে ১৬০০ টকাৰ সাহায্য।
কিদৰে কৰিব আবেদন-
- উজ্জ্বলা আঁচনিৰ অধীনত গেছ কানেকশ্যন ল'বৰ বাবে বিপিএল পৰিয়ালৰ কোনো এগৰাকী মহিলাই আবেদন কৰিব লাগিব।
- ইয়াৰ বাবে কে ৱাই চি ফৰ্ম ফিল আপ কৰি এল পি জি চেণ্টাৰত জমা দিব লাগিব।
-এপ্লাই কৰাৰ সময়তে আপোনাক ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰ নে ৫ কিলোগ্ৰামৰ চিলিণ্ডাৰ লাগিব, সেই কথা জনাব লাগিব।
- উজ্জ্বলা আঁচনিৰ ফৰ্ম প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পাৰিব।
কি কি ডকুমেণ্টৰ প্ৰয়োজন-
এই আঁচনিৰ সুবিধা ল'বলৈ বিপিএল কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি, পাছপোৰ্ট চাইজৰ ফটো, বেংক ষ্টেটমেণ্ট আদিৰ প্ৰয়োজন।
Published by: Himangshu Bhuyan
First published: February 08, 2021, 13:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|