ৰেগিং আতংক! ৫৪ শিক্ষাৰ্থীৰ আত্মহত্যা

ৰেগিঙক কেন্দ্ৰ কৰি বিগত সাত বছৰত দেশত ৰুজু হৈছে ৪,৬৯৬ টা গোচৰ

news18assam
Updated:June 14, 2019, 12:44 PM IST
ৰেগিং আতংক! ৫৪ শিক্ষাৰ্থীৰ আত্মহত্যা
ৰেগিঙক কেন্দ্ৰ কৰি বিগত সাত বছৰত দেশত ৰুজু হৈছে ৪,৬৯৬ টা গোচৰ
news18assam
Updated: June 14, 2019, 12:44 PM IST
দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত ৰেগিং নাইকীয়া কৰিবলৈ বিভিন্ন সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে দেশত এতিয়াও যেন অব্যাহত আছে ৰেগিঙৰ আতংক। অযুত সপোনলৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে অহা ছাত্ৰ–ছাত্ৰীয়ে নিজৰ শিক্ষা প্ৰতিষ্ঠানত বিভিন্ন সময়ত ৰেগিঙৰ সন্মুখীন হৈ আত্মহত্যাৰ দৰে পথ বাচি লৈছে। কিছুদিন পূৰ্বে মুম্বাইৰ বি ৱাই এল নায়াৰ চিকিৎসালয়ত স্ত্ৰীৰোগ বিভাগৰ এগৰকী শিক্ষাৰ্থীয়ে ৰেগিঙৰ সন্মুখীন হৈ আত্মহত্যা কৰে।

তথ্য অনুসৰি বিগত সাতটা বছৰত দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত ৫৪ গৰাকী শিক্ষাৰ্থীয়ে ৰেগিঙৰ সন্মুখীন হৈ আত্মহত্যা কৰিছে। সেইদৰে ৰেগিঙক কেন্দ্ৰ কৰি আৰক্ষীৰ চকীত ৰুজু হৈছে ৪,৬৯৬ টা গোচৰ। এতিয়া ৰেগিঙৰ ঘটনা ৰোধৰ বাবে UGC এ প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানতে ৰেগিঙ প্ৰতিৰোধী গোট স্থাপনৰ নিৰ্দেশ দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি