মুখ্যপৃষ্ঠা »খবৰ »দেশ »দেশত শিশুৰ কোভিড টিকাকৰণ ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভৰ সম্ভাৱনা, কোনসকলে পাব প্ৰথমতে

দেশত শিশুৰ কোভিড টিকাকৰণ ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভৰ সম্ভাৱনা, কোনসকলে পাব প্ৰথমতে

Covid Vaccination of Children: ডিচেম্বৰৰ আৰম্ভণিতে শিশুসকলৰ বাবে জাইকোভ ডি আৰু কোভাক্সিন প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

Covid Vaccination of Children: ডিচেম্বৰৰ আৰম্ভণিতে শিশুসকলৰ বাবে জাইকোভ ডি আৰু কোভাক্সিন প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

Covid Vaccination of Children: ডিচেম্বৰৰ আৰম্ভণিতে শিশুসকলৰ বাবে জাইকোভ ডি আৰু কোভাক্সিন প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

  • Share this:

দেশত ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা কোৰোনা ভেকচিন দিয়াৰ সম্ভাৱনা আছে ১৮ বছৰ বয়সৰ তলৰ সকলক। দেশত ১৮ বছৰৰ তলৰ ৪৪ কোটি শিশু আছে। প্ৰথমতে ৬ কোটি শিশুৰ ক্ষেত্ৰত টিকাকৰণৰ যাত্ৰা আৰম্ভ কৰাৰ বিষয়ে চিন্তা কৰা হৈছে। ইয়াৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।


মুখ্যতঃ কোনো ৰোগত আক্ৰান্ত শিশুক প্ৰথম অৱস্থাত টিকাকৰণ কৰা হ'ব। ইয়াৰ বাবে ৰোগৰ প্ৰমাণপত্ৰ দেখুৱাব লাগিব। জাইকোভ ডি, কোভাক্সিন, বায়োলজিকেল ই আৰু চিৰাম ইনষ্টিটিউটৰ কোভাভেক্স শিশুৰ ভেকচিনৰ বাবে শাৰীত আছে। কিন্তু ডিচেম্বৰৰ আৰম্ভণিতে শিশুসকলৰ বাবে জাইকোভ ডি আৰু কোভাক্সিন প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ মতে বহুতো দেশত শিশুসকলক কোৰোনাৰ প্ৰতিষেধক দিয়া হৈছে, যিবোৰ তেওঁলোকে নিৰীক্ষণ কৰি আছে।


উল্লেখ্য, বৰ্তমান আমেৰিকা যুক্তৰাজ্য, ডেনমাৰ্ক, জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী, ইটালী, স্পেইন, চুইডেন, গ্ৰীচ, ফিনলেণ্ড, পোলেণ্ড, ইউ কে, চুইজাৰলেণ্ড, ইজৰাইল, ইউ.এ.ই., ইন্দোনেছিয়া, অষ্ট্ৰেলিয়া আৰু চীনত শিশুসকলক টিকাকৰণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই দেশসমূহত টিকাকৰণৰ ওপৰত নজৰ ৰাখিছে। শিশুৰ টিকাকৰণৰ বাবে পৰামৰ্শও বিচৰা হৈছে।


আমেৰিকা যুক্তৰাষ্ট্ৰত ৫-১১ বছৰীয়া শিশুক ফাইজাৰ ভেকচিন প্ৰদান কৰা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য কৰ্তৃপক্ষই শেহতীয়াকৈ ৫ৰ পৰা ১১ বছৰ বয়সৰ শিশুক 'ফাইজাৰ'ৰ কোভিড-১৯ ৰোধি ভেকচিনৰ পালি দিবলৈ অনুমতি দিছে।


আনহাতে চীনত তিনি বছৰতকৈ অধিক বয়সৰ শিশুক এতিয়া কোভিড-১৯ৰ প্ৰতিষেধক দিয়া হ'ব। চীনৰ জনসংখ্যাৰ প্ৰায় ৭৬ শতাংশ লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে আৰু চৰকাৰে কোভিডৰ বৰ্ধিত ঘটনা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আছে।

শেহতীয়া বাতৰি