বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ১ এপ্ৰিলৰ পৰা হ্ৰাস পাব পাৰে ইন-হেণ্ড চেলাৰী, বাঢ়িব পাৰে PF

কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ১ এপ্ৰিলৰ পৰা হ্ৰাস পাব পাৰে ইন-হেণ্ড চেলাৰী, বাঢ়িব পাৰে PF

কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ১ এপ্ৰিলৰ পৰা হ্ৰাস পাব পাৰে ইন-হেণ্ড চেলাৰী, বাঢ়িব পাৰে PF

সকলো ঠিকেই থাকিলে চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে কাৰ্যত ৰূপায়ণ কৰিব পাৰে নিউ বেজ কোড বিল, ২০২১।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

সকলো ঠিকেই থাকিলে চলিত বছৰৰ ১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰে কাৰ্যত ৰূপায়ণ কৰিব পাৰে নিউ বেজ কোড বিল, ২০২১। দৰমহা সংক্ৰান্তীয় এই নতুন নিয়মৰ ফলত ইন হেণ্ড চেলাৰী, পিএফ, ডিএ সহ একাধিক ক্ষেত্ৰত বহুকেইটা নিয়মৰ পৰিৱৰ্তন হ’ব পাৰে। হ্ৰাস পাব পাৰে ইন হেণ্ড চেলাৰী। আৰু সেই টকা যোগ হ’ব পাৰে পিএফ একাউণ্টৰ সৈতে।

বিজ্ঞাপন

চৰকাৰৰ তৰফৰ পৰা প্ৰস্তাৱিত নতুন দৰমহা সংক্ৰান্তীয় এই নিয়মত বহুকেইটা নিয়ম অন্তৰ্ভুক্ত হৈ আছে। এই ক্ষেত্ৰত চিটিচি(কষ্ট টু কোম্পানী)ৰ ৫০ শতাংশ হ’ব মূল দৰমহা।

হ্ৰাস পাব ইন হেণ্ড চেলাৰীঃ

আইন বলৱৎ হ’লে টেক হোম তথা ইন হেণ্ড চেলাৰীৰ পৰিমাণ হ্ৰাস পাব। ইয়াৰ আছে বহুকেইটা কাৰণ। এই ক্ষেত্ৰত ৫০ শতাংশ পৰ্যন্ত হ’ব বেচিক চেলাৰী বা মূল দৰমহা। আৰু ইয়াৰ ২৪(১২+১২) শতাংশ শ্বেয়াৰ ট্ৰান্সফাৰ হৈ যাব সংশ্লীষ্ট কৰ্মীৰ পিএফ একাউণ্টত। ইয়াৰ অৰ্থ হ’ল, এতিয়াৰ পৰা বাঢ়িব পিএফৰ টকা। উল্লেখ্য যে, বৰ্তমান বেছিভাগ সংস্থাৰ কৰ্মীৰ চিটিচিৰ পৰা ১২ শতাংশ পিএফ হিচাপে কৰ্তন কৰা নহয়।

উল্লেখ্য যে, দৰমহা, বোনাচ বা  ইয়াৰ লগত জড়িত একাধিক বিষয়ত প্ৰয়োজনীয় পৰিৱৰ্তন বা সংশোধন আনিবলৈ যোৱা বছৰ বলৱত্‍ কৰা হৈছিল Code on Wages Bill 2019। বেতন সম্পৰ্কীয় নতুন নিয়ম শ্ৰমিক আইনত অন্তৰ্ভুক্ত কৰা হৈছে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন