মুখ্যপৃষ্ঠা »খবৰ »দেশ »মৃত্যুৰ কিৰিলিৰ মাজত ঈশ্বৰেই ভৰসা! কোৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ গুজৰাটৰ চৰকাৰী চিকিৎসালয়ত হোম যজ্ঞ

মৃত্যুৰ কিৰিলিৰ মাজত ঈশ্বৰেই ভৰসা! কোৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ গুজৰাটৰ চৰকাৰী চিকিৎসালয়ত হোম যজ্ঞ

প্ৰতীকী ছবি

প্ৰতীকী ছবি

একেৰাহে চতুৰ্থ দিনলৈ দেশত ডেৰ লাখতকৈও অধিক কোৰোণা সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বিগত ২৪ ঘণ্টাত ভাৰতত ১০২৭ গৰাকী লোক মৃত্যুমুখত পৰিছে। উল্লেখযোগ্য যে ১৮ অক্টোবৰ ২০২০ৰ পিছত এইটো আটাইতকৈ বেছি মৃত্যুৰ সংখ্যাৰ ঘটনা।

  • Share this:
দেশত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে কোৰোণা (Corona Virus) সংক্ৰমণৰ ঘটনা। বুধবাৰে ৰাতিপুৱা জাৰি কৰা এক প্ৰতিবেদন অনুসৰি বিগৰ ২৪ ঘণ্টাত ১,৮৪,৩৭২ টা নতুন সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আনফালে গুজৰাট (Gujarat)ৰ চুৰাটত কোৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ এখন চৰকাৰী চিকিৎসালয়ত যজ্ঞৰ আয়োজন কৰাৰ ঘটনা জানিব পৰা গৈছে।

আৰ্য সমাজৰ (Aarya Samaj) লোকে এই যজ্ঞৰ আয়োজন কৰিছে বুলি খবৰ লাভ কৰা হৈছে। আৰ্য সমাজৰ লোকে জানিবলৈ দিয়া মতে, চিকিৎসালয়ৰ পৰিচালনা সমিতিয়ে তেওঁলোকক যজ্ঞখনৰ আয়োজন কৰিবলৈ আহ্বান জনাইছিল।

আৰ্য সমাজৰ অধ্যক্ষ উমাশংকৰ আৰ্যই সংবাদ মাধ্যমক জনাই যে তেওঁলোকে ইয়াৰ আগত ৰামনাথ ঘেলা আৰু কুৰুক্ষেত্ৰ স্মশান ঘাটত যজ্ঞ কৰিছিল। চিকিৎসালয়ৰ ডীনে তেওঁলোকক চিকিৎসালয়খনৰ সন্মুখত যজ্ঞ পাতিবলৈ নিমন্ত্ৰণ জনাইছিল। উল্লেখযোগ্য যে গুজৰাটত শেহতীয়াকৈ কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱা দেখা গৈছে। ক’ৰনা সংক্ৰমণৰ ফলত ৰাজ্যখনত প্ৰতি ঘণ্টা তিনিজনকৈ লোক মৃত্যুমুখত পৰাৰ খবৰ লাভ কৰা হৈছে। অক্সিজেনৰ অভাৱৰ লগতে এম্বুলেঞ্চৰ অভাৱ হোৱাৰ বাবে বহুতো ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ৰোগীৰ মৃত্যুৰ পিছত তেওঁলোকৰ সৎকাৰৰ বাবেও দীঘলীয়া সময়লৈ অপেক্ষা কৰিবলগীয়া হোৱা পৰিলক্ষিত হৈছে।
গুজৰাটত বিগত ২৪ ঘণ্টাত ৬,৬৯০ গৰাকী ৰোগী কোৰোণাত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ ৰাজধানী আহমেদাবাদত ২,২৫১টা নতুন ক’ভিড-১৯ৰ ঘটনা সংঘটিত হোৱা খবৰ লাভ কৰা হৈছে।

আনহাতে বিগত ২৪ ঘণ্টাত আহমেদাবাদত ২৩ গৰাকী লোক মৃত্যুমুখত পৰিছে। ৰাজকোট আৰু পোৰবন্দৰতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা হৈছে। ৰাজকোটত ৫২৯টা ঘটনা পোহৰলৈ আহিছে।

কোৰোণা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ ঘটনাৰ ফলত আহমেদাবাদৰ সকলোতকৈ বৃহৎ ক’ভিড চিকিৎসালয়খনৰ অৱস্থা শোচনীয় হৈ পৰিছে। চিকিৎসালয়খনত ক’ৰনা আক্ৰান্ত ৰোগীৰ বাবে ১২০০ বিচনাৰ ব্যৱস্থা কৰা হৈছিল যদিও ইতিমধ্যে সকলো বিচনা ৰোগীৰে ভৰি পৰিছে। যাৰ ফলত নতুন ৰোগীক এতিয়া বাহিৰতে ৰখাই থোৱা হৈছে। আহমেদাবাদ অসামৰিক চিকিৎসাল চৌহদৰ বাহিৰত এম্বুলেঞ্চৰ দীঘলীয়া শাৰী দেখা গৈছে য’ত ৰোগীসকলে বিচনা খালী হোৱালৈ অপেক্ষা কৰিবলগীয়া হৈছে।

একেৰাহে চতুৰ্থ দিনলৈ দেশত ডেৰ লাখতকৈও অধিক কোৰোণা সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বিগত ২৪ ঘণ্টাত ভাৰতত ১০২৭ গৰাকী লোক মৃত্যুমুখত পৰিছে। উল্লেখযোগ্য যে ১৮ অক্টোবৰ ২০২০ৰ পিছত এইটো আটাইতকৈ বেছি মৃত্যুৰ সংখ্যাৰ ঘটনা।

শেহতীয়া বাতৰি