உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Girl try to kill her boyfriend: ৰাজপথত প্ৰথমে চুম্বন তাৰ পিছত বিয়াৰ প্ৰস্তাৱ! প্ৰস্তাৱ মানি নোলোৱাত প্ৰেমিকক গুলীয়াই দিলে প্ৰেমিকাই

    Girl try to kill her boyfriend: ৰাজপথত প্ৰথমে চুম্বন তাৰ পিছত বিয়াৰ প্ৰস্তাৱ! প্ৰস্তাৱ মানি নোলোৱাত প্ৰেমিকক গুলীয়াই দিলে প্ৰেমিকাই

    Crime In Bardhaman: প্ৰেমিকা মনীষাৰ পৰিয়ালে দাবী কৰা মতে, লালচাদে ৰাস্তাৰ পৰা নিশা জোৰকৈ টানি লৈ যোৱাৰ চেষ্টা কৰিছিল।

    Crime In Bardhaman: প্ৰেমিকা মনীষাৰ পৰিয়ালে দাবী কৰা মতে, লালচাদে ৰাস্তাৰ পৰা নিশা জোৰকৈ টানি লৈ যোৱাৰ চেষ্টা কৰিছিল।

    Crime In Bardhaman: প্ৰেমিকা মনীষাৰ পৰিয়ালে দাবী কৰা মতে, লালচাদে ৰাস্তাৰ পৰা নিশা জোৰকৈ টানি লৈ যোৱাৰ চেষ্টা কৰিছিল।

    • Share this:
    'হয় মোক বিয়া পাতা, নহ'লে'... যেন চিনেমাৰ সাৱধানবাণী। যেন উপন্যাসৰ ক্লাইমেক্স। পূব বৰ্ধমানৰ কাটোয়াৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে। যুৱতীগৰাকীৰ নাম মনীষা খাতুন। মনীষাৰ দীৰ্ঘদিনীয়া প্ৰেম লালচাদ শেখৰ নামৰ এজন যুৱকৰ লগত। সেই প্ৰেমিককে প্ৰথমে চুম্বন কৰে আৰু তাৰ পিছৰ মুহূৰ্ততে গুলীয়াই হত্যা কৰাৰ অপচেষ্টা কৰে। ঘটনাৰ কথা শুনি হতভম্ব মানুহ।

    লালচাদৰ পৰিয়ালৰ সূত্ৰৰ মতে, অঞ্চলটোৰ এটা অন্ধকাৰ গলিলৈ লালচাদক লৈ যায় প্ৰমিকা মনীষাই। কাষলৈ টানি আনে। চুম্বন কৰে। আৰু তাৰ পিছত বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু সেই প্ৰস্তাৱ মানি নলয় প্ৰেমিক লালচাদে। তেতিয়াই হাতত থকা ৰিভলভাৰ উলিয়াঅ মনীষাই। আৰু গুলীয়াই দিয়ে প্ৰেমিকক।

    প্ৰেমিকা মনীষাৰ পৰিয়ালে দাবী কৰা মতে, লালচাদে ৰাস্তাৰ পৰা নিশা জোৰকৈ টানি লৈ যোৱাৰ চেষ্টা কৰিছিল। আৰু সেই কথাত ৰাজি হৈ প্ৰেমিক লালচাদক গুলীয়াই দিয়ে। ঘটনাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে মনীষা খাতুন।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: