உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • বিবাহৰ দিনা কইনাই পিন্ধিলে ভাৰ সহিব নোৱৰাকৈ সোণৰ অলংকাৰ, ভিডিঅ' দেখি তদন্তত নামিল আৰক্ষী

    বিবাহৰ দিনা কইনাই পিন্ধিলে ভাৰ সহিব নোৱৰাকৈ সোণৰ অলংকাৰ, ভিডিঅ' দেখি তদন্তত নামিল আৰক্ষী

    ভাইৰেল ভিডিঅ'টোত লগতে দেখা গৈছে বিবাহ অনুষ্ঠানত অলেখ টকাৰ বাণ্ডিল।

    ভাইৰেল ভিডিঅ'টোত লগতে দেখা গৈছে বিবাহ অনুষ্ঠানত অলেখ টকাৰ বাণ্ডিল।

    ভাইৰেল ভিডিঅ'টোত লগতে দেখা গৈছে বিবাহ অনুষ্ঠানত অলেখ টকাৰ বাণ্ডিল।

    • Share this:

    সোণৰ আ–অলংকাৰ পৰিধান কৰা এগৰাকী কইনাৰ এটা ভিডিঅ'ৱে তোলপাৰ লগাইছে উত্তৰ প্ৰদেশ। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা উত্তৰ প্ৰদেশৰ চামলি জিলাৰ এখন বিবাহৰ এই ভিডিঅ' দেখি তদন্তত নামি পৰিছে ৰাজ্যখনৰ আৰক্ষীও। কাৰণ বিবাহ অনুষ্ঠানত কইনাই পৰিধান কৰিছিল ভাৰ সহিব নোৱৰাকৈ সোণৰ আ–অলংকাৰ। ইয়াৰ লগতে বিয়াখনত বৃহৎ সংখ্যক নগদ ধন জোৰণত প্ৰত্যক্ষ কৰা হৈছিল। অৱশ্যে, কোনদিনা বিয়াখন হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু ভিডিঅ'টোৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই আছে।


    এই সম্পৰ্কত আৰক্ষীয়ে আয়কৰ বিভাগলৈও তথ্য প্ৰেৰণ কৰিছে। তথ্য অনুসৰি, ছ'চিয়েল মিডিয়াত ২ মিনিট ১৫ ছেকেণ্ডৰ ভিডিঅ'টো এতিয়াও ভাইৰেল হৈ আছে। ভিডিঅ'টোত বহু লোক বিয়াত উপস্থিত থকা দেখা গৈছে। বিয়াত উপস্থিত থকা আন মহিলাসকলেও বৃহৎ পৰিমাণৰ মূল্যৱান অলংকাৰ পিন্ধি থকা দেখা গৈছে।


    ভাইৰেল ভিডিঅ'টোত লগতে দেখা গৈছে যে কিছুমান লোকে বিবাহৰ উপহাৰৰ নামত লাখ লাখ টকা আৰু গহনা দিছে। এই সন্দৰ্ভত চিঅ' থানা ভৱনৰ অমিত চাক্সেনাই কয়– 'ভাইৰেল ভিডিঅ'ৰ ঘটনাটো ছ'চিয়েল মিডিয়াত লক্ষ্য কৰাৰ পিছত তদন্ত আৰম্ভ কৰা হৈছে, কিয়নো ইয়াত যথেষ্ট নগদ ধন আৰু মূল্যৱান সোণ আৰু ৰূপৰ গহনা প্ৰত্যক্ষ কৰা গৈছিল। ভিডিঅ'টো কাচবা থানা ভৱন এলেকাৰ বুলি জানিব পৰা গৈছে। এই ভিডিঅ'টো প্ৰায় দুমাহ পুৰণি বুলি প্ৰাথমিক তদন্তত জানিব পৰা গৈছে। বিষয়টো আয়কৰ বিভাগৰো দৃষ্টিগোচৰ কৰা হৈছে।' উল্লেখ্য যে কেইদিনমান পূৰ্বে কৈৰানা অঞ্চলৰ এটা ভিডিঅ'ও ভাইৰেল হৈ পৰিছিল, য'ত দৰাৰ মূৰত হাত দি ৫ লাখ টকা আৰু বিয়াৰ বাবে ২১ লাখ টকা দিবলৈ কোৱা হৈছিল।

    Published by:Gautam Barman
    First published: