• Home
  • »
  • News
  • »
  • nation
  • »
  • এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক দাঙি ৰে'লত উঠাই দি দেশজুৰি প্ৰশংসাৰ পাত্ৰ তামিলনাডুৰ RPF উপ-পৰিদৰ্শক চাৰাভানান

এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক দাঙি ৰে'লত উঠাই দি দেশজুৰি প্ৰশংসাৰ পাত্ৰ তামিলনাডুৰ RPF উপ-পৰিদৰ্শক চাৰাভানান

ভাইৰেল হৈ থকা ক্লিপটোত এজন বিষয়াই এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ৰে'লত উঠিবলৈ সহায় কৰা দেখা গৈছে।

ভাইৰেল হৈ থকা ক্লিপটোত এজন বিষয়াই এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ৰে'লত উঠিবলৈ সহায় কৰা দেখা গৈছে।

ভাইৰেল হৈ থকা ক্লিপটোত এজন বিষয়াই এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ৰে'লত উঠিবলৈ সহায় কৰা দেখা গৈছে।

  • Share this:
ইণ্টাৰনেটৰ জগতখনত এনে কিছুমান ভিডিঅ' পৰিলক্ষিত হয় যিয়ে আমাৰ হৃদয় স্পৰ্শ কৰাৰ লগতে সকলোৰে চকুত চকুপানী আনি দিব পাৰে। ৰে'লৱে আৰক্ষী বাহিনী চমুকৈ আৰপিএফ জোৱানৰ শেহতীয়াকৈ ভাইৰেল হোৱা এক ভিডিঅ'ও সেইসমূহ হৃদয়স্পৰ্শী ভিডিঅ'ৰ অন্যতম।

ভাইৰেল হৈ থকা ক্লিপটোত এজন বিষয়াই এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিক ৰে'লত উঠিবলৈ সহায় কৰা দেখা গৈছে। এই ভিডিঅ'টোৰ আইএএছ বিষয়া সুপ্ৰিয়া চাহুৱে টুইটাৰত পোষ্ট কৰিছিল। তেখেতে শিৰোনাম দিছিল, "শ্ৰীযুত চাৰাভানান, এছআই, আৰপিএফৰ দ্বাৰা আশ্চৰ্যকৰ ভঙ্গী। তেওঁ বিশেষ প্ৰয়োজনীয়তা থকা এজন যাত্ৰী কঢ়িয়াই লৈ গৈছিল আৰু তেওঁক বিৰুদ্ধচলম ষ্টেচনত ৰেলত উঠিবলৈ সহায় কৰিছিল। আমাক তেওঁৰ দৰে অধিক লোকৰ প্ৰয়োজন।"

ঘটনাটো তামিলনাডুৰ বিৰুধাচলম ষ্টেচনৰ। ৩৫ ছেকেণ্ডৰ ভিডিঅ'টোত আৰপিএফৰ উপ-পৰিদৰ্শক চাৰাভানানে ৰে'লখনৰ প্ৰৱেশদ্বাৰৰ পৰা তেওঁৰ বাৰ্থলৈ বিশেষভাৱে সক্ষম ব্যক্তিজনক দাঙি লৈ যোৱা দেখা গৈছিল। বিষয়াজনক এগৰাকী মহিলাইও সহায় কৰা দেখা গৈছিল যি বিশেষভাৱে সক্ষম পুৰুষজনৰ মাক বা আইতা যেন লাগিছিল।



আইএএছ বিষয়াগৰাকীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ চৌদিশে ভাইৰেল হৈ পৰে আৰু ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। আৰপিএফ বিষয়াজনে এই কাৰ্য প্ৰশংসাৰ পাত্ৰ হৈ পৰে। যাৰবাবে এজন চছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, "হয়। বিশেষকৈ ইউনিফৰ্ম পৰিহিত লোকসকলৰ দ্বাৰা এনে ধৰণৰ ভঙ্গীয়ে জনসাধাৰণৰ মাজত এক শক্তিশালী আৰু ইতিবাচক বাৰ্তা প্ৰদান কৰিব।" ইফালে আন এজনে লিখিছে, "এই কাৰ্যটো সঁচাকৈয়ে মানৱতাৰে পৰিপূৰ্ণ। কিন্তু সোণৰ হৃদয়ৰ লোকতকৈ আমাক বাধামুক্ত পৰিবহন ব্যৱস্থাৰ অধিক প্ৰয়োজন। যদি আমাৰ ভাৰতৰ প্ৰতিটো ৰে'ল ষ্টেচনত ৰে'লত উঠিবলৈ ৰেম্প থাকে তেন্তে দুয়োকে দুৰ্দশাত পেলোৱাৰ প্ৰয়োজনীয়তা কি হ'ব?"

পোষ্টটোত এজন ব্যক্তিয়ে মন্তব্য কৰে, "মহান কাম শ্ৰীযুত চাৰাভানান। আমি তেওঁৰ পৰা শিকিব লাগিব আৰু সকলো ঠাইতে বিশেষ প্ৰয়োজনীয়তা থকা ব্যক্তি আৰু বৃদ্ধ লোকসকলক সহায় কৰিব লাগিব। শাৰীত থাকোঁতে তেওঁলোকক অগ্ৰাধিকাৰ দিব লাগিব।"

আৰপিএফ বিষয়াজনে কৰা এই প্ৰশংসনীয় কাৰ্যৰ ভিডিঅ'টো বৰ্তমান চাৰিওফালে ভাইৰেল পৰিছে আৰু সকলোৱে বিষয়াজনক এই কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি