কেন্দ্ৰই ল’বলৈ গৈ আছে ডাঙৰ সিদ্ধান্ত, ১০লাখ মানুহৰ দৰমহা দুগুণ হোৱাৰ আশা

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১০লাখ অনিয়মিত কৰ্মচাৰীৰ কাৰণে চৰকাৰে দিব পাৰে সুখবৰ।

News18-Assam
Updated:September 13, 2019, 8:47 AM IST
কেন্দ্ৰই ল’বলৈ গৈ আছে ডাঙৰ সিদ্ধান্ত, ১০লাখ মানুহৰ দৰমহা দুগুণ হোৱাৰ আশা
কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১০লাখ অনিয়মিত কৰ্মচাৰীৰ কাৰণে চৰকাৰে দিব পাৰে সুখবৰ।
News18-Assam
Updated: September 13, 2019, 8:47 AM IST
কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১০লাখ অনিয়মিত (Casual)  কৰ্মচাৰীৰ কাৰণে চৰকাৰে ভাল খবৰ দিব পাৰে। দেৱালীৰ আগে পিছে এই কৰ্মচাৰীসকলে পাব পাৰে ভাল খবৰ। নিয়মীয়া কৰ্মচাৰীৰ সমানেই অনিয়মীয়া কৰ্মচাৰীৰ দৰমহা কৰাৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে। দুয়োটা কামেই একেই প্ৰকৃতিৰ হোৱাৰ বাবে (Equal Pay for Equal Work) এই নীতি গ্ৰহণ কৰিবলৈ আগবাঢ়িছে মোদী চৰকাৰ। শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অধীনস্থ কৰ্ম আৰু প্ৰশিক্ষণ বিভাগে এই সন্দৰ্ভত আদেশ জাৰি কৰিছে।

এই আদেশ অনুসৰি সকলো অনিয়মীয়া কৰ্মচাৰীয়ে ৮ঘণ্টা কাম কৰাৰ বাবে সেই একেই পদত কাম কৰা নিয়মীয়া কৰ্মচাৰীৰ বেতনমান (Pay Scale)ৰ নূন্যতম মূল বেতন আৰু ডিএ একেধৰণে দিব লাগিব। তেওঁলোকে যিমানদিন কাম কৰে সিমান দিনৰ মজুৰি পাব। অৱশ্যে 49014/1/2017 নম্বৰৰ আদেশ অনুসৰি তেওঁলোকে নিয়মীয়া কৰ্মসংস্থাপন নাপায়।

দুগুণলৈ বাঢ়িব পাৰে দৰমহা

এইপৰ্যন্ত এই কৰ্মচাৰীসকলে নিৰ্দিষ্ট ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা নূন্যতম দৰমহা প্ৰদান কৰা হৈছিল। উদাহৰণস্বৰূপে দিল্লীৰ Unskilled Workersৰ কাৰণে প্ৰতিমাহে ১৪০০০টকা প্ৰতিমাহে দৰমহা ঠিৰাং কৰা হৈছিল কিন্তু এতিয়া কেন্দ্ৰৰ এই আদেশৰ পিছত তেওঁলোকে গ্ৰুপ ডিৰ পে স্কেল অৰ্থাত্‍ ৩০,০০০টকা প্ৰতিমাহে দিয়া হ’ব। অৰ্থাৎ একেবাৰতে তেওঁলোকৰ দৰমহা দুগুণলৈ বৃদ্ধি পাব।

এই নিৰ্দেশনাত এই কথাও কোৱা হৈছে যে যদিহে কোনো অনিয়মিত কৰ্মচাৰীৰ কাম নিয়মিত কৰ্মচাৰীৰ কামৰ পৰা পৃথক হয় তেনেহ’লে তেওঁক ৰাজ্য চৰকাৰৰ নিৰ্ধাৰিত বেতনৰ আধাৰতে দৰমহা দিয়া হ’ব। এই কাম কৰিবলৈ প্ৰতিটো মন্ত্ৰালয় আৰু চৰকাৰী বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত DoPTৰ এই সমান কামৰ বাবে সমান দৰমহাৰ আদেশ জাৰি কৰা হৈছে।

তাৎপৰ্যপূৰ্ণ যে চৰকাৰে গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ বেছিভাগ চাকৰি আউটচৰ্ছ কৰি ব্যক্তিগত ঠিকাদাৰৰ হাতত অৰ্পণ কৰিছে ফলত এই আদেশ বলৱৎ কৰিবলৈ কিছু অসুবিধাৰ সৃষ্টি হ’ব। সেইকাৰণে ট্ৰেড ইউনিয়নৰ নেতাসকলে এই আদেশ বলৱত্‍ হোৱাক লৈ সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে এনেধৰনৰ আদেশ আগতেও দিয়া হৈছিল কিন্তু বলৱৎ নহয়।
আৰু চাওক পৰৱৰ্তী বাতৰি