• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত, কাজিৰঙা আৰু কাগজ কলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সমাপ্ত, কাজিৰঙা আৰু কাগজ কলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

File Photo

File Photo

সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্ত সদৰি কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই।

  • Share this:
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাজিৰঙাক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেট বৈঠকত। কাজিৰঙাত ৭টা ইক’ ছেনজিটিভ জ’ন গঠনৰ সিদ্ধান্ত। ১১টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট হিচাপে থাকিব। ৯টা এনিমেল কৰিড’ৰ বেদখলমুক্ত কৰা হৈছে। আনহাতে, নগাঁও আৰু কাছাৰ কাগজ কলক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত। কাগজ কল দুটা ক্ৰয় কৰিবলৈ কেবিনেটত ধনৰ অনুমোদন। ৩৭৫ কোটি টকাৰে কাগজ কল দুটা ক্ৰয় কৰিব ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে। তিনি–চাৰিমাহৰ ভিতৰত বকেয়া পাব কৰ্মচাৰীসকলে। সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্ত সদৰি কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই।
Published by:Sanjay Kumar Das
First published: