মণিপুৰৰ কিশোৰ ছাত্ৰৰ উদ্ভাৱন, লকডাউনৰ সময়ত উদ্ভাৱন কৰা ভিডিঅ’ গেমে লাভ কৰিছে জনপ্ৰিয়তা

News18 Assam | News18-Assam
Updated:December 22, 2020, 1:00 PM IST
মণিপুৰৰ কিশোৰ ছাত্ৰৰ উদ্ভাৱন, লকডাউনৰ সময়ত উদ্ভাৱন কৰা ভিডিঅ’ গেমে লাভ কৰিছে জনপ্ৰিয়তা
এপ্ৰিলৰ মাজভাগত বলদ্বীপৰ মনলৈ আহিল এটা অদ্ভুত চিন্তা। তেওঁ এটা ভিডিঅ’ গে’ম উলিয়াব।

এপ্ৰিলৰ মাজভাগত বলদ্বীপৰ মনলৈ আহিল এটা অদ্ভুত চিন্তা। তেওঁ এটা ভিডিঅ’ গে’ম উলিয়াব।

  • Share this:
ভাৰতবৰ্ষৰ বাবে ই এক সম্পূৰ্ণ অভাৱনীয় পৰিস্থিতি। কেৱল ভাৰতবৰ্ষই নহয়, সমগ্ৰ বিশ্বতেই সৃষ্টি হৈছে এনে ভয়ংকৰ পৰিস্থিতৰ। ইয়াৰ পূৰ্বে ভাৰতবাসীয়ে জৰুৰীকালীন দিন দেখিছে, মাজে সময়ে দীঘলীয়া সান্ধ্য আইনো দেখিছে। কিন্তু লকডাউন! জীৱনত কাহানিও নুশুনা এটা শব্দ। আনকি সংবাদ মাধ্যমৰ লোকসকলেও প্ৰথম যেতিয়া এই শব্দটো শুনিছিল বা লিখিবলগীয়া হৈছিল তাৰ অসমীয়া প্ৰতিশব্দ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল। এই লকডাউনৰ বাবেই হঠাৎ যেন স্তব্ধ হৈ পৰিল সকলো। প্ৰধানমন্ত্ৰী মোদীয়ে ২৪ মাৰ্চৰ নিশা ঘোষণা কৰাৰ পাছতেই কাৰ্যকৰী হ’ল লকডাউন।

তাৰ পাছত সলনি হৈ পৰিল ভাৰতবাসীৰ জনজীৱন, ব্যক্তিগত ব্যৱহাৰ। অসমতো ইয়াৰ প্ৰভাব সমানেই পৰিল। শিক্ষা, ক্ৰীড়া, বাণিজ্য– অৰ্থনীতিকে ধৰি সকলো ক্ষেত্ৰতে উন্নয়ন স্তব্ধ। মুঠৰ ওপৰত কোৰোণা সংক্ৰমণৰ আশংকাৰ বাবেই সমগ্ৰ ভাৰতেই সন্মুখীন হ’ল বিভীষিকাময় পৰিৱেশৰ।

কোৱা বাহুল্য, কোৰোণাকালীন লকডাউনে ভাৰতক বহু পিছুৱাই নিলে। কিন্তু এই লকডাউনে আমাক বহু কথাই শিকাই থৈ গ’ল। ইতিমধ্যে লকডাউনৰ সময়ত বহু কেইগৰাকী ব্যক্তিৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটিছে। বিদ্যালয় বন্ধ হোৱাৰ বাবেই ঘৰতেই কটোৱা বহু শিক্ষাৰ্থীয়েও ব্ৰতী হৈছে ন ন উদ্ভাৱনত।

মণিপুৰৰ ১৩ বছৰীয়া কিশোৰ এগৰাকীয়ে লকডাউনৰ সময়ত উদ্ভাৱন কৰিলে এটা বিশেষ ভিডিঅ’ গে’ম। গুগল প্লে’ত উপলব্ধ এই গে’মবিধক লৈ এতিয়া মণিপুৰত চলিছে বিশেষ চৰ্চা।

ঘৰৰ পৰা দূৰৈৰ চহৰত পঢ়ি থকা এজন ছাত্ৰ। হঠাৎ কোৰোণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ভাৰতত লকডাউন। ইফালে পঢ়িবলৈ যোৱা ল’ৰাজন ঘৰলৈ উভতিব লাগে। শিক্ষাৰ্থীজনে ঠিক কৰিলে যিয়েই নহওক, তেঁও উভতি যাবই। কিন্তু তেঁও জানে, বাটত সন্মুখীন হ’ব লাগিব বহু বাধা বিঘিনিৰ। খোজে খোজে বিপদ। তথাপি তেঁও ঘৰলৈ উভতিবই। বাটত ৰৈ আছে কোৰোণা ভাইৰাছ। ইফালে আৰক্ষীৰো তীক্ষ্ণ নজৰ। দেখিলেই কাণত ধৰাই আঁঠু কঢ়াব পাৰে। হয়তো পিটিবও পাৰে।

শিক্ষাৰ্থীজন দূৰৈৰ চহৰৰ পৰা ঘৰলৈ ওভতা এই কাহিনীটোক লৈয়েই গেমৰ সৃষ্টি কৰিছে মণিপুৰৰ পশ্চিম ইম্ফলৰ ১৩ বছৰীয়া বলদ্বীপ লগংঘউজামে। লকডাউন আৰম্ভ হোৱাৰ পিছত বিদ্যালয় বন্ধ হোৱাৰ পিছত স্বাভাৱিকতে বলদ্বীপৰ একঘেয়ামী জীৱনটোলৈ বিতৃষ্ণা উপজিছিল। সেয়ে সময় কটাবলৈ তেওঁ প্ৰায়েই কম্পিউটাৰত ইণ্টাৰনেটৰ যোগেদি জ্ঞানৰ সাগৰত বুৰ যায়।

এপ্ৰিলৰ মাজভাগত বলদ্বীপৰ মনলৈ আহিল এটা অদ্ভুত চিন্তা। তেওঁ এটা ভিডিঅ’ গে’ম উলিয়াব। কথাটো তেওঁৰ খুৰাকক ক’লে। বলদ্বীপ লগংঘউজামৰ খুৰাক তথ্য প্ৰযুক্তি ক্ষেত্ৰত জড়িত হোৱাৰ সূত্ৰেই তেওঁক খুৰাকে উৎসাহ যোগালে। বহু পৰামৰ্শও দিলে। আৰু এনেদৰেই কম্পিউটাৰত লাগি থাকি প্ৰায় তিনি মাহৰ মূৰত সাজি উলিয়ালে এই ভিডিঅ’ গে’ম। ভিডিঅ’ গে’মবিধৰ নাম ৰাখিছে ক’ৰ’ব’ই (COROBOI)।

ইতিমধ্যে গুগল প্লে’ ষ্ট’ৰত অন্তৰ্ভুক্তও হৈছে ক’ৰ’ব’ই। উল্লেখ্য যে বলদ্বীপে লগংঘউজামে ৯ বছৰ বয়সতে আয়ত্ব কৰিছিল ইণ্টাৰনেটৰ বহু কৌশল। শিকিছিল কেইবাটাও প্ৰগ্ৰামিং লেংগুৱেজ। বলদ্বীপ আমাৰ শিক্ষাৰ্থীসকলৰ বাবেই প্ৰেৰণা হ’ব পাৰে।

(ইম্ফলৰ পৰা এম বিশ্বৰজিৎ মেইতেৰ সৌজন্যত ৰিতুল ভাগৱতী)
Published by: Sanjay Kumar Das
First published: December 22, 2020, 1:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি