আৰক্ষীয়ে মদ্যপান কৰিলেই হেৰুৱাব লাগিব চাকৰি, ঘোষণা এইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

বিহাৰত আৰক্ষী বিভাগত ৮০০০০ লোক কৰ্মৰত আৰু ২০১৬ চনতে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰা হৈছিল।
বিহাৰত আৰক্ষী বিভাগত ৮০০০০ লোক কৰ্মৰত আৰু ২০১৬ চনতে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰা হৈছিল।
- News18 Assam
- Last Updated: February 17, 2021, 1:28 PM IST
বিহাৰত আৰক্ষী বিভাগত ৮০০০০ লোক কৰ্মৰত আৰু ২০১৬ চনতে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰা হৈছিল। উল্লেখযোগ্য যে এইবাৰ আৰক্ষী সঞ্চালকৰ পদবীৰ পৰা অৱসৰ লৈ নিৰ্বাচনত জয়লাভ কৰা সুনীল কুমাৰক আবকাৰী বিভাগৰ মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে আবকাৰী মন্ত্ৰীৰ উপস্থিতিত বিষয়াসকলক চুবুৰীয়া ৰাজ্যৰ পৰা সুৰাৰ সৰবৰাহ বন্ধ কৰিবলৈ পদক্ষেপ ল’বলৈও নির্দেশ প্ৰদান কৰিছে।
অৱশ্যে বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলে মুখ্যমন্ত্ৰীৰ এনে কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছে। আৰজেডিৰ মুখপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে কয় – কেৱল আৰক্ষীয়েই কিয়, আন বিভাগৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধেও মদ্যপান কৰিলে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰক। এনে নিৰ্দেশৰে আৰক্ষীক বলিৰ পঠা সজোৱা হৈছে।