ধাৰাসাৰ বৰষুণত বিধ্বস্ত কেৰাললৈ আৰু নামি আহিব পাৰে একেই সংকট। পুনৰ অতিপাত বৰষুণৰ বাবে বিধ্বংসী পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে কেৰালা। যোৱা সপ্তাহত ৰাজ্যখনৰ দক্ষিণ কেন্দ্ৰীয় জিলাসমূহত বানপানী আৰু বহু ঠাইত ভূমিস্খলনৰ ফলত ৪০জনৰো অধিক লোকৰ মৃত্যু হৈছিল।
এতিয়া পুনৰ কেইবাখনো জিলাক লৈ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে। পৰৱৰ্তী চাৰি দিনৰ বাবে বতৰ বিভাগৰ দ্বাৰা এটা সতৰ্কবাণী জাৰি কৰা হৈছে। ৰাজ্যৰ ৰাজহ মন্ত্ৰী কে ৰাজনে কয় যে বতৰ বিভাগে ছয়খন জিলাৰ বাবে কমলা সতৰ্কবাণী জাৰি কৰিছে। এই ছয়খন জিলা হৈছে পাটানমিথিট্টা, তিৰুৱন্তপুৰম, আলাপুঝা, কোল্লাম, ইডুক্কি আৰু কোট্টায়াম।
মন্ত্ৰীজনে কয় যে ইডুক্কিত নতুনকৈ বানপানীৰ আশংকা আছে আৰু ইডুক্কিৰ মুলাপেৰিয়াৰ বান্ধৰ ২৭ কিলোমিটাৰ এলেকা খালি কৰা হৈছে। ইয়াত থকা লোকসকলক আন এখন ঠাইলৈ স্থানান্তৰ কৰা হৈছে। প্ৰশাসনৰ দ্বাৰা ছটা শিবিৰো স্থাপন কৰা হৈছে।
উল্লেখ্য, দহ দিন পূৰ্বে কেৰালাৰ দক্ষিণ অঞ্চলত ধাৰাসাৰ বৰষুণৰ পিছত ইডুক্কিত ৮৩টা সাহায্য শিবিৰ স্থাপন কৰা হৈছিল। ৰাজ্যখনত বৃহৎ সংখ্যক এনডিআৰএফ বাহিনীও মোতায়েন কৰা হৈছিল। ভূমিস্খলনৰ পিছত সেনা জোৱানসকলক সাহায্যৰ কামত ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু আকৌ এবাৰ ৰাজ্যখনত ধাৰাসাৰ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|