ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (IMA)ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ (PM Narendra Modi)লৈ পত্ৰ প্ৰেৰণ কৰি পতঞ্জলিৰ মালিক বাবা ৰামদেৱ (Baba Ramdev)ৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ দাবী কৰিছে। পত্ৰত আই এম এই বাবা ৰামদেৱৰ ওপৰত বিভ্ৰান্তিমূলক তথ্য বিয়পোৱাৰ অভিযোগ কৰা হৈছে। পত্ৰত দাবী কৰা হৈছে যে ৰামদেৱে এনেধৰণৰ ভুল তথ্যৰ অভিযান ৰোধ কৰক। উল্লেখযোগ্য যে এটা ভিডিঅ’ত বাবা ৰামদেৱে কোৱা দেখা গৈছে যে ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পিছতো ১০ হাজাৰ চিকিৎসক আৰু লক্ষাধিক লোকৰ মৃত্যু হৈছে।
ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা পত্ৰত কয় যে আইএমএই ১৮ বছৰৰে এ ওপৰৰ লোকসকলকৰ টিকাকৰণৰ বাবে দায়বদ্ধতাৰে বাৰ্তা দি আছে। ভাৰত চৰকাৰ আৰু মডাৰ্ণ মেডিকেল হেল্থ কেয়াৰৰ লোকৰ বাবে আজি ভাৰতত প্ৰায় ২০ কোটি লোকৰ টিকাকৰণ কৰা হৈছে, যিটো বিশ্বৰ আটাইতকৈ দ্ৰুত টিকাকৰণ।
আইএমএই লিখিছে যে এয়া সকাহৰ বিষয় যে যিসকল লোকে ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে তেওঁলোকৰ মাত্ৰ ০.০৬ শতাংশৰহে কোৰোণা ভাইৰাছৰ সাধাৰণ সংক্ৰমণ দেখা গৈছে আৰু বহুত কম লোকৰহে হাওঁফাওঁত গুৰুতৰ সংক্ৰমণ হৈছে। পত্ৰত লিখা হৈছে যে এই কথা প্ৰমাণ হৈছে যে ভেকচিনৰ দ্বাৰা মানুহৰ জীৱন ৰক্ষা পৰিব পাৰে আৰু দেশত অধিক সংক্ৰমণৰ ঘটনা হ্ৰাস কৰিব পাৰে।
বাবা ৰামদেৱক লৈ আইএমএই লিখিছে যে অত্যন্ত দুখৰ সৈতে আমি আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে এটা ভিডিঅ’ত কোৱা হৈছে যে কোৰোণাৰ ভেকচিনৰ দুয়োটা পালি লোৱাৰ পিছতো ১০ হাজাৰ চিকিৎসকৰ মৃত্যু হৈছে আৰু এলপ্যেথিক ঔষধৰ বাবে লক্ষাধিক লোকৰ মৃত্যু হৈছে, ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো পতঞ্জলিৰ মালিক ৰামদেৱৰ।
আইএমএই লিখিছে যে আমি মডাৰ্ণ মে়ডিকেল ছায়েন্সৰ পেছাদাৰীসকলে হাস্পতালত লক্ষাধিক লোকৰ চিকিৎসাকৰ বাবে আইচিএমআৰ বা নেচনেল টাস্ক ফ’ৰ্চে বনোৱা আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ দ্বাৰা কাৰি কৰা গাইডলাইন আৰু প্ৰটকল পালন কৰিছো। যদি কোনো এই দাবী কৰে যে এলোপ্যেথি ঔষধৰ দ্বাৰা মানুহৰ প্ৰাণ গৈছে, তেন্তে এয়া মন্ত্ৰণালয়ক প্ৰত্যাহ্বান জনোৱাৰ দৰে কথা।
আইএমএই লিখিছে যে এই কোৰোণা যুদ্ধত আমাৰ চিকিৎসকসকলে ফ্ৰণ্টলাইনত থাকি সেৱা আগবঢ়াই আছে। আমি প্ৰথমটো ঢৌত ৭৫৩ আৰু দ্বিতীয় ঢৌত ৫১৩জন চিকিৎসকক হেৰুৱাইছো। প্ৰথম ঢৌত কোনোৱে ভেকচিন পোৱা নাছিল, কিন্তু দ্বিতীয় ঢৌত যিসকল চিকিৎসকে প্ৰাণ হেৰুৱাইছে তেওঁলোকে বিভিন্ন কাৰণত ভেকচিন ল’ব পৰা নাছিল। কিন্তু ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পিছত ১০ হাজাৰ চিকিৎসকৰ মৃত্যু হোৱা বুলি কৰা এনেধৰণৰ মন্তব্যই টিকাকৰণৰ বাবে কৰা সকলো প্ৰয়াসক ধ্বংস কৰাৰ দৰে আৰু ইয়াক ৰোধ কৰাটো অতি প্ৰয়োজন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|