চিকিৎসকৰ ওপৰত বৃদ্ধি পোৱা হিংসাৰ বিৰুদ্ধে কাইলৈ প্ৰতিবাদ সাব্যস্ত কৰিব ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন(IMA)য়ে। সংস্থাটোৱে লগতে চিকিৎসকসকলক হিংসাত্মক কাৰ্যৰ পৰা সুৰক্ষিত কৰাৰ বাবে এখন কেন্দ্ৰীয় আইনৰ দাবীও উত্থাপন কৰিব। আইএমএৰ ৰাষ্ট্ৰীয় সভাপতি ড০ জে এ জয়লালে সংবাদ সংস্থা এএনআইক জনোৱা মতে, আইএমএৰ ৩,৫০,০০০ৰো অধিক চিকিৎসকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব।
শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া প্ৰতিবাদত ভাৰতীয় চিকিৎসক সন্থা, এছ'চিয়েচন অৱ ছাৰ্জনছ অৱ ইণ্ডিয়া, মেডিকেল ষ্টুডেণ্টছ নেটৱৰ্ক, জুনিয়ৰ ডক্টৰ নেটৱৰ্ক (JDN)য়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে। জেডিএন আৰু ৰেচিডেণ্ট ডক্টৰ এছ'চিয়েচন(RDA)য়ে আয়োজন কৰা প্ৰতিবাদ এইমছ আৰু দিল্লী চিকিৎসা সংস্থাৰ সন্মুখত তিনিটা স্থানত অনুষ্ঠিত হ'ব। বিহাৰ আৰু কেৰালাৰ কিছু অংশত চিকিৎসকসকলে ৰাতিপুৱা তেওঁলোকৰ ক্লিনিক বন্ধ ৰাখিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি জ্যেষ্ঠ মন্ত্ৰীসকলক স্মাৰক–পত্ৰ প্ৰদান কৰিব চিকিৎসক সংস্থাই। চিকিৎসা সংস্থা আইএমএৰ মতে ইয়াৰ ১,৭০০টা শাখাই প্ৰতিবাদী অনুষ্ঠানৰ আয়োজন কৰি আছে।
এক বিবৃতিত জে এ জয়লালে কয় যে বিহাৰ, পশ্চিমবংগ, অসম, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকৰ COVID ৱাৰ্ডত কৰ্তব্য পালন কৰি থকা অৱস্থাত চিকিৎসকসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল। মহামাৰীত কাম কৰা ফ্ৰণ্টলাইন শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। ড০ জা জয়লালে এইক্ষেত্ৰত এখন কেন্দ্ৰীয় সুৰক্ষা আইনৰ প্ৰৱৰ্তনৰ কথা কয়, যাতে সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত অত্যাৱশ্যকীয় সুৰক্ষা থাকে। উল্লেখ্য, কাইলৈৰ প্ৰতিবাদত 'চেভ দ্য চেভিয়ৰ' (Save The Saviors) শ্লোগান দিয়া হব। অৱশ্যে সংস্থাটোৱে এই সময়ছোৱাত কোনো চিকিৎসালয় বন্ধ কৰা নহ'ব বুলি জনাইছে। চিকিৎসকসকলে ক'লা বেজ, ক'লা মুখা বা ক'লা চাৰ্ট পিন্ধি কাম কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।