உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • গাড়ী চালকৰ সৈতে পত্নীক আপত্তিজনক অৱস্থাত দেখিলে স্বামীয়ে... তাৰ পিছতে পত্নীয়ে কৰিলে 'চিনেমা'ৰ দৰে কাণ্ড

    গাড়ী চালকৰ সৈতে পত্নীক আপত্তিজনক অৱস্থাত দেখিলে স্বামীয়ে... তাৰ পিছতে পত্নীয়ে কৰিলে 'চিনেমা'ৰ দৰে কাণ্ড

    Source-Google

    Source-Google

    পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! ঘৰৰ গাড়ী চালকৰ সৈতে অবৈধ সম্পৰ্ক পত্নীৰ। হাতে লুটে ধৰা পেলালে স্বামীয়ে।

    • Share this:
    পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি! ঘৰৰ গাড়ী চালকৰ সৈতে অবৈধ সম্পৰ্ক পত্নীৰ। হাতে লুটে ধৰা পেলালে স্বামীয়ে।  তাৰ পিছতে পত্নীয়ে সংঘটিত কৰিলে 'চিনেমা'ৰ দৰে কাণ্ড। মধ্যপ্ৰদেশৰ সীহোৰত সংঘটিত হৈছে এই ঘটনা।

    পৰকীয়া প্ৰেমৰ কথা প্ৰথমে পোহৰলৈ অহা নাছিল! প্ৰথমে উদ্ধাৰ হৈছিল এটা মৃতদেহ। আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত প্ৰক্ৰিয়া। সেই সময়তে এগৰাকী মহিলাই স্বামী নিখোঁজ হোৱাৰ সন্দৰ্ভত আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰে। তাৰ পিছতে ওলাই পৰে ঘটনাৰ প্ৰকৃত ৰহস্য।

    মহিলাগৰাকীয়ে মৃতদেহ উদ্ধাৰৰ পিছদিনা স্বামী নিখোঁজ হোৱাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ লগে লগে আৰক্ষীৰ সন্দেহ উপজে আৰু মহিলাগৰাকীৰ ফোন নম্বৰ ট্ৰেক কৰে। আৰু তেতিয়াই ওলাই পৰে উৰহি গছৰ ওৰ। যিটো মৃতদেহ উদ্ধাৰ হৈছিল, সেইটো আছিল মহিলাগৰাকীৰ স্বামীৰ। আৰু নিজৰ অবৈধ সম্পৰ্ক ধৰা পেলোৱাৰ বাবে মহিলাগৰাকীয়ে হত্যা কৰিছিল নিজৰ স্বামীক। কিন্তু আইনৰ চকুত ধুলি দিবলৈ মহিলাগৰাকীয়ে ৰচনা কৰে এইখন নাটক।

    আৰক্ষীয়ে জনোৱা মতে, পেছাত চিকিৎসক আছিল মৃত লোকজন। লোকজনৰ গাড়ী চালকজনৰ সৈতে প্ৰায় ৬ বছৰ ধৰি অবৈধ সম্পৰ্ক আছিলে তেওঁৰ পত্নীৰ। আনকি পত্নীক ড্ৰাইভাৰৰ সৈতে অসংযত অৱস্থাতো দেখিছিল লোকজনে। ইয়াৰ পিছৰে পৰা দুয়োৰে মাজত বাঢ়ি যায় দুৰত্ব।

    ফলত পত্নীয়ে গাড়ীৰ চালকজনৰ সৈতে লগ হৈ চিকিৎসক স্বামীক হত্যা কৰাৰ পৰিকল্পনা কৰে। কিন্তু প্ৰথমবাৰ বিফল হয়। পিছত ভতিজাক অখিলেশৰ সৈতে লগ হৈ স্বামীক হত্যা কৰি আৰক্ষী চকীত নিখোঁজ হোৱাৰ খবৰ দিয়ে। ঘটনাৰ সন্দৰ্ভত এতিয়া আৰক্ষীয়ে অভিযুক্ত পত্নীসহ গাড়ী চালক আৰু অখিলেশক গ্ৰেপ্তাৰ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: