পৰকীয়া প্ৰেমিকক দিলে ভয়ংকৰ শাস্তি! ৰাজপথতে উলংগ কৰি যৌনাংগত বান্ধি দিলে ৫ কেজি ওজনৰ শিল

অমানৱীয় শাস্তি! পৰকীয়া প্ৰেমিকক গাওঁবাসীয়ে দিলে ভয়ংকৰ শাস্তি।
অমানৱীয় শাস্তি! পৰকীয়া প্ৰেমিকক গাওঁবাসীয়ে দিলে ভয়ংকৰ শাস্তি।
- News18 Assam
- Last Updated: October 2, 2020, 10:46 PM IST
আনকি এতিয়া চচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে এই ভয়ংকৰ শাস্তিৰ ভিডিঅ’। দ্যা ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা খবৰ অনুসৰি, অভিযুক্ত লোকজনৰ নাম বিজয় দাস। অভিযোগ অনুসৰি, লোকজনে জিলাখনৰ চৌমুখ গাঁৱৰ এগৰাকী মহিলাৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰক্ষা কৰি আহিছিল।
কিন্তু পিছত যুৱতীগৰাকীৰ ঘৰৰ মানুহে যেতিয়া লোকজন বিবাহিত আৰু দুটাকৈ সন্তানৰ পিতৃ বুলি জানিব পাৰে, তেতিয়া লোকজনক উচিত শাস্তি প্ৰদান কৰিবলৈ পৰিকল্পনা কৰে।
আৰু অৱশেষত যেতিয়া জয় দাসে নিজৰ ভুল স্বীকাৰ কৰে, তেতিয়াই উত্তেজিত হৈ একাংশ লোকে লোকজনৰ কাপোৰ খুলি প্ৰহাৰ কৰাৰ লগতে যৌনাংগত বান্ধি দিয়ে পাঁচ কেজি ওজনৰ এটা শিল। আৰু তেনেকৈয়ে প্ৰায় দুঘণ্টা সময় ৰখা হয় লোকজনক। এতিয়া ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।