আপুনি বাৰু বাঘ এটা তুলি লৈ সন্তানৰ নিচিনাকৈ ডাঙৰ-দীঘল কৰিব বিচাৰিছে নেকি? যোগাযোগ কৰক নন্দনকানন চিৰিয়াখানা কৰ্তৃপক্ষক

News18 Assam | News18-Assam
Updated:October 16, 2020, 1:03 PM IST
আপুনি বাৰু বাঘ এটা তুলি লৈ সন্তানৰ নিচিনাকৈ ডাঙৰ-দীঘল কৰিব বিচাৰিছে নেকি? যোগাযোগ কৰক নন্দনকানন চিৰিয়াখানা কৰ্তৃপক্ষক
ব্যক্তি-বিশেষ বা কোনো প্ৰতিষ্ঠানে ৫০০ টকাৰ পৰা দুই লক্ষ আদায় দি এই জন্তুৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে।

ব্যক্তি-বিশেষ বা কোনো প্ৰতিষ্ঠানে ৫০০ টকাৰ পৰা দুই লক্ষ আদায় দি এই জন্তুৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে।

  • Share this:
তলাবন্ধ আৰু কোৰোণা ভাইৰাছৰ প্ৰকোপত জীয়াতু ভোগা ভুৱনেশ্বৰৰ নন্দনকানন চিৰিয়াখানাৰ জন্তুবোৰক সকাহ প্ৰদান কৰিবলৈ এক অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। ‘Adopt-An-Animal’ নামেৰে আৰম্ভ কৰা এই কাৰ্যসূচীৰ যোগেদি ব্যক্তি-বিশেষ বা কোনো প্ৰতিষ্ঠানে ৫০০ টকাৰ পৰা দুই লক্ষ আদায় দি এই জন্তুৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে।

নন্দনকাননৰ উপ–নির্দেশক বিমলা প্ৰসাদ আচাৰ্যই সংবাদ মাধ্যমক জনোৱা মতে – এই অভিনৱ কাৰ্যসূচীয়ে পশুপ্ৰেমীৰ মাজত বিপুল সমাদৰ লাভ কৰিছে। এতিয়ালৈ ১০০ৰো অধিক ব্যক্তি-বিশেষ তথা প্ৰতিষ্ঠান আগবাঢ়ি আহিছে  আৰু বিনিময়ত কৰ্তৃপক্ষই প্ৰায় ২২ লক্ষ টকা লাভ কৰিছে। তেওঁ লগতে কয় – এনেদৰে লাভ কৰা ধন পশু-পক্ষীৰ যতন, খাদ্য যোগান, পৰিসৰ উন্নয়ন আদিত ব্যৱহাৰ কৰা হ’ব।

উল্লেখযোগ্য যে তলাবন্ধৰ পূৰ্বে চিৰিয়াখানাখনে বছৰি প্ৰায় ১৬ কোটি টকা উপাৰ্জন কৰিছিল। আৰু পশু পক্ষীৰ নামত ব্যয় হয় মাহে ৫০ লক্ষ টকা। কিন্তু তলাবন্ধৰ ফলত উপাৰ্জন বন্ধ হৈ যোৱাত জীৱ-জন্তুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল। যাৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

কৰ্তৃপক্ষই এটা হাতী পৰিগ্ৰহণৰ মূল্য ধাৰ্য কৰিছে সৰ্বাধিক ২.৫ লক্ষ টকা। বাঘ এটা তুলি ল’বলৈ দিব লাগিব ১.৫ লক্ষ টকা। ধন আদায় দিয়াৰ পিছত চিৰিয়াখানাই এখন প্রমাণ-পত্ৰ দিয়ে। এই ধণ কৰমুক্ত।
Published by: Sanjay Kumar Das
First published: October 16, 2020, 1:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading