চাকৰিয়ালৰ কাৰণে ডাঙৰ খবৰ! এই ডকুমেণ্টসমূহ জমা নিদিলে কৰ্তন হ’ব দৰমহা

News18 Assam | News18-Assam
Updated:January 7, 2020, 9:49 AM IST
চাকৰিয়ালৰ কাৰণে ডাঙৰ খবৰ! এই ডকুমেণ্টসমূহ জমা নিদিলে কৰ্তন হ’ব দৰমহা
আপুনি যদিহে চাকৰিয়াল আৰু আপুনি আয়কৰ আদায় দিয়ে তেনেহ’লে ইনভেষ্টমেণ্ট প্ৰুফ দিবলগীয়া হ’ব, আহক জানো সেই বিষয়ে। 

আপুনি যদিহে চাকৰিয়াল আৰু আপুনি আয়কৰ আদায় দিয়ে তেনেহ’লে ইনভেষ্টমেণ্ট প্ৰুফ দিবলগীয়া হ’ব, আহক জানো সেই বিষয়ে। 

  • Share this:
আপুনি যদিহে চাকৰিয়াল তেনেহ’লে এই খবৰ আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাৰণ যাৰ দৰমহা আয়কৰৰ আওতালৈ আহে তেওঁলোকে ইনভেষ্টমেণ্ট প্ৰুফ (Investment proof) জমা দিবলগীয়া হয়। কোম্পানীয়ে নিজৰ কৰ্মচাৰীসকলক ডিচেম্বৰৰ শেষাৰ্ধৰ পৰা মাৰ্চলৈ এই সকলো ডকুমেণ্ট জমা দিবলগীয়া হয়। কিন্তু একাংশ কৰ্মচাৰীয়ে এই খবৰ নাপায়  আৰু তেওঁলোকে নিজৰ দৰমহা কৰ্তন কৰাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হয়। আহক কিয় এই ডকুমেণ্ট লাগে চাও। .

মাৰ্চৰ পূৰ্বে কোম্পানীয়ে আপোনাৰ পৰা বিগত মাহত কৰা ইনভেষ্টমেণ্ট প্ৰুভৰ কপি বিচাৰে। যাতে তেওঁলোকে আপুনি দিয়া টেক্স বচাবলৈ কৰা ইনভেষ্টমেণ্টৰ তদন্ত কৰিব পাৰে। আপোনাৰ কোম্পানীয়ে আপোনাক পিছত টেক্স কম বা বেছি দিয়াৰ ঝামেলাৰ পৰা ৰক্ষা কৰিবলৈ এনে কৰে।

কোম্পানীয়ে প্ৰতি মাহে আপোনাৰ দৰমহাৰ পৰা টেক্স কৰ্তন কৰে, কিন্তু মাৰ্চৰ পূৰ্বে তেওঁলোকে আপুনি আদায় দিয়া ইনভেষ্টমেণ্ট ডিকলেৰেশ্যন আয়কৰ বিভাগত জমা দিব লাগে। এই কাৰ্যৰ দ্বাৰা কোম্পানী আৰু আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে।

কোনবোৰ ডকুমেণ্ট জমা দিবলগীয়া হয়, যদি আপুনি হেলথ বা লাইফ পলিচীত টকা লগাইছে তেনেহ’লে প্ৰীমিয়াম ৰচিদ দিবলগীয়া হ’ব। হেলথ পলিচীৰ অৱধিৰ ভিতৰত যদিহে আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই হাস্পতালত চিকিৎসা কৰিছে তেনেহ’লে তাৰ ৰছিদো জমা দিব লাগিব। ইয়াৰ লগতে যদিহে আপুনি কোনো হেলথ চেক আপ কৰাইছে তেনেহ’লে তাৰ বিলো দিব লাগিব।

যদি আপুনি নেচনেল পেন্সন চিষ্টেম, নেচনেল চেভিং স্কীম, মিউচুৱেল ফাণ্ড, পিপিএফত টকা বিনিয়োগ কৰিছে তেনেহ’লে আপুনি ইয়াৰ প্ৰমাণো নিজৰ কাৰ্যালয়ত জমা কৰিব পাৰে। ইয়াৰ কাৰণে আপুনি ইয়াৰ একাউণ্ট ষ্টেটমেণ্ট অথবা পাচবুকৰ ফটোকপি জমা কৰিব পাৰে।

যদি আপুনি ভাড়াঘৰত থাকে তেনেহ’লে তেতিয়াও আপুনি টেক্সৰ ৰেহাই লাভ কৰিব। ইয়াৰ কাৰণে আপুনি কোম্পানীত ভাড়া আদায় দিয়াপ ৰছিদ জমা দিব লাগিব। মেট্ৰ’ আৰু নন মেট্ৰ’ চহৰত ভাড়াৰ মাজত তফাৎ আছে। যদি আপুনি মেট্ৰ’ চহৰত থাকে আৰু আঠ হাজাৰ টকাৰ ওপৰত ভাড়াৰ ঘৰ লৈছে তেনেহ’লে এচআৰএ পূৰণ কৰি টেক্স বচাব পাৰে।

যদি আপুনি কোন সম্পত্তিত বিনিয়োগ কৰিছে আৰু ইয়াৰ কাৰণে বেংক বা এনবিএফচি কোম্পানীৰ পৰা ঋণ লৈছে তেনেহ’লে টেক্স চেভিঙৰ কৰাণে লোন ৰিপেমেণ্টৰ প্ৰমাণ দিব লাগিব। যদিহে এই বছৰ ঘৰ গতাই দিয়া হৈছে তেনেহ’লে ইয়াৰ ওপৰতো টেক্সৰ ৰেহাই লাভ কৰিব। ইয়াৰ লগতে আপুনি ৰেজিষ্ট্ৰীৰ সময়ত যি ষ্টাম্প ডিউটি আদায় দিছে তাৰ প্ৰমাণো কোম্পানীক দিব লাগে।

সন্তানৰ পঢ়া–শুনাৰ কাৰণে শিক্ষা লোনৰ ৰিপেমেণ্টৰ ওপৰতো আপুনি টেক্স ৰেহাই লাভ কৰিব পাৰে। এইধৰণৰ ৰেহাই ল’বলৈ আপুনি বেংকৰ পৰা ৰিপেমেণ্টৰ ৰছিদ ল’ব লাগিব আৰু অফিচত জমা দিব লাগিব। সন্তানৰ স্কুল ফীজৰ পেমেণ্ট কৰিলে ইয়াৰো অৰিজিনেল ৰছিদ জমা কৰিব লাগিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি