পাকিস্তানৰ সৈতে আলোচনা হ’লে কেৱল POK ক লৈহে হ’ব!

News18-Assam
Updated:August 18, 2019, 4:04 PM IST
পাকিস্তানৰ সৈতে আলোচনা হ’লে কেৱল POK ক লৈহে হ’ব!
Source-Google

হাৰিয়ানাত এই মন্তব্য কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

  • Share this:
ভাৰতৰ লক্ষ্য এতিয়া পাকিস্তান অধিকৃত কাশ্মীৰ!  চুবুৰীয়া পাকিস্তানৰ সৈতে কেৱল পাকিস্তান অধিকৃত কাশ্মীৰ প্ৰসংগতহে আলোচনা কৰিব ভাৰতে। অন্য কোনো ক্ষেত্ৰতে আপোচ নকৰে ভাৰতে। হাৰিয়ানাত আজি এই কথা উল্লেখ কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সেইদৰে ভাৰতৰ সৈতে যিকোনো ধৰণৰ আলোচনাত ভাগ লোৱাৰ পূৰ্বে পাকিস্তানে বন্ধ কৰিব লাগিব সন্ত্ৰাসবাদ।

ইয়াৰ উপৰিও কাশ্মীৰ প্ৰসংগত ভাৰতক শলঠেকত পেলাবলৈ ৰাষ্ট্ৰসংঘত পাকিস্তান আৰু চীনে চলোৱা প্ৰচেষ্টা ব্যৰ্থ হোৱা প্ৰসংগতো ৰাজনাথ সিঙে কয় যে, পাকিস্তানে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতে সংবিধানৰ ৩৭০ অনুচ্চেদ অবৈধ ভাবে বাতিল কৰিছে বুলি কয় ফুৰিছে । ভাৰতৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ হাবাথুৰি খাই ফুৰিছে পাকিস্তানে, কিন্তু সকলো প্ৰচেষ্টাই ব্যৰ্থ হৈছে পাকিস্তানৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি