• Home
  • »
  • News
  • »
  • nation
  • »
  • Sarkari Ration : পিজ্জা যদি হোম ডেলিভাৰী দিব পাৰি চৰকাৰী ৰেচন কিয় নোৱাৰিব? তুংগত চৰকাৰী ৰেচনৰ ৰাজনীতি।

Sarkari Ration : পিজ্জা যদি হোম ডেলিভাৰী দিব পাৰি চৰকাৰী ৰেচন কিয় নোৱাৰিব? তুংগত চৰকাৰী ৰেচনৰ ৰাজনীতি।

"আমি ৫ বাৰ কেন্দ্ৰৰ পৰা এই আঁচনিখন ৰূপায়ণৰ বাবে অনুমতি বিচাৰিছিলোঁ, যদিও আইনমতে ইয়াৰ বাবে কেন্দ্ৰৰ কোনো অনুমতিৰ প্ৰয়োজনেই নাই।"

"আমি ৫ বাৰ কেন্দ্ৰৰ পৰা এই আঁচনিখন ৰূপায়ণৰ বাবে অনুমতি বিচাৰিছিলোঁ, যদিও আইনমতে ইয়াৰ বাবে কেন্দ্ৰৰ কোনো অনুমতিৰ প্ৰয়োজনেই নাই।"

"আমি ৫ বাৰ কেন্দ্ৰৰ পৰা এই আঁচনিখন ৰূপায়ণৰ বাবে অনুমতি বিচাৰিছিলোঁ, যদিও আইনমতে ইয়াৰ বাবে কেন্দ্ৰৰ কোনো অনুমতিৰ প্ৰয়োজনেই নাই।"

  • Share this:
চৰকাৰী ৰেচনক লৈ তুংগত উঠিছে দিল্লীৰ ৰাজনীতি। আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰে, "পিজ্জা যদি হোম ডেলিভাৰী দিব পাৰি চৰকাৰী ৰেচন কিয় নোৱাৰিব?" অনলাইন সংবাদমেলযোগে কেন্দ্ৰক জবাবদিহি কৰে কেজৰিৱালে।

কেজৰিৱালে আৰু কয়, "আমি ৫ বাৰ কেন্দ্ৰৰ পৰা এই আঁচনিখন ৰূপায়ণৰ বাবে অনুমতি বিচাৰিছিলোঁ, যদিও আইনমতে ইয়াৰ বাবে কেন্দ্ৰৰ কোনো অনুমতিৰ প্ৰয়োজনেই নাই।"

উল্লেখ্য যে কেন্দ্ৰৰ অনুমতি লোৱা নাই বুলি কেজৰিৱাল চৰকাৰক সমালোচনা কৰি দিল্লীত ঘৰে ঘৰে ৰেচন যোগানৰ আঁচনি বন্ধ কৰি দিছিল কেন্দ্ৰই। দিল্লীৰ ৰাজ্যপালে শনিবাৰে এই আঁচনিখন বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। কেজৰিৱালৰ অভিযোগ ৰেচন মাফিয়াৰ ওচৰত শিৰ নত কৰিয়েই কেন্দ্ৰই এই আঁচনিখন বন্ধ কৰিছে।

"প্ৰথমবাৰৰ বাবে আমি ৰেচন মাফিয়াৰ দপদপনি বন্ধ কৰাৰ পদক্ষেপ লৈছিলোঁ। চাওক তেওঁলোক কিমান শক্তিশালী, আঁচনি আৰম্ভ কৰাৰ এসপ্তাহ আগতেই আঁচনিয়েই বন্ধ কৰাই দিলে।" উল্লেখ্য যে এই আঁচনিখনৰ জড়িয়তে ৭২ লাখ লোকে ঘৰতেই পালেহেঁতেন চৰকাৰী ৰেচন।

২০১৮ চনৰ পৰাই দিল্লী চৰকাৰে আঁচনিখন ৰূপায়ণৰ বাবে কেন্দ্ৰৰ অনুমতি বিচাৰি আছে যদিও আজিলৈ অনুমতি লাভ কৰা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ লক্ষ্যভিত্তিক ৰাজহুৱা বিতৰণ ব্যৱস্থা ( Targeted Public Distribution System (TPDS))ৰ অধীনত দিল্লী চৰকাৰে 'মুখ্যমন্ত্ৰীৰ ঘৰ ঘৰ ৰেচন যোজনা' নামেৰে এই আঁচনি আৰম্ভ কৰিছিল যদিও বাস্তৱত ৰূপায়ণ কৰিব পৰা নাই।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি