বেগুসৰায়, বিহাৰঃ আনলক ৱানৰ প্ৰথম দিনাই ভক্তৰ কাণ্ডত ভগৱান গৈ থানা পালেগৈ! পূজাৰ কাৰণে পোৱা অনুমতিক লৈ বাক–বিতণ্ডাৰ পিছত সমগ্ৰ ঘটনা থানা পাইগৈ। তেঘৰা থানা এলেকাৰ এই ঘটনা ইমানেই ডাঙৰ হৈ পৰে যে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায়।
ঘটনা মতে, বেগুসৰায়ৰ ৰাস্তাৰ কাষত চৰকাৰী ভূমিত ৱাৰ্ড সদস্যই হনুমানৰ মূৰ্তি স্থাপন কৰিছিল। ইয়াকে লৈ গাঁৱত বিতণ্ডা আৰম্ভ হয়। বিবাদ বৃদ্ধি পোৱাত এছডিঅ’ই মেজিষ্ট্ৰেটক নিয়োগ কৰি হনুমানৰ মূৰ্তি আৰক্ষী থানালৈ লৈ আনে। পৰিস্থিতি তাৰ পিছতহে শান্ত হয়।
অভিযোগ মতে, স্থানীয় ৱাৰ্ড সদস্যৰ স্বামী কাম’ মাহাতোয়ে পথৰ কাষত জানি–শুনি বিবাদ সৃষ্টি কৰিবলৈ হনুমানৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। এই ঠাইৰ কাষতে ব্যক্তিগত ভূমিত ঘৰ থকা এজন ব্যক্তিয়ে প্ৰথমে আপত্তি কৰে আৰু তাৰ পিছত গাঁৱৰ মানুহে হনুমানক উঠাই আনি ৰাস্তাৰ ওপৰত থৈ দিয়ে। ইয়াৰ পিছতে মেজিষ্ট্ৰেটে সমগ্ৰ পৰিস্থিতি শান্ত কৰিবলৈ হস্তক্ষেপ কৰিবলগীয়া হয়। হনুমানৰ মূৰ্তিটো বৰ্তমান থানাত ৰাখি পূজা–অৰ্চনা কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|