ভাৰতত বন্ধ হ’ব নেকি ভোডাফোন–আইডিয়া? শনিবাৰে লোৱা হ’ব ডাঙৰ সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:February 15, 2020, 2:14 PM IST
ভাৰতত বন্ধ হ’ব নেকি ভোডাফোন–আইডিয়া? শনিবাৰে লোৱা হ’ব ডাঙৰ সিদ্ধান্ত
কি হ’ব দেশৰ কোটি কোটি গ্ৰাহকৰ

কি হ’ব দেশৰ কোটি কোটি গ্ৰাহকৰ

  • Share this:
শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ আদেশৰ পিছত ভোডাফোন আৰু আইডিয়া প্ৰতিষ্ঠানৰ সন্মুখলৈ আহিল ডাঙৰ বিপদ। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ভাৰতৰ প্ৰতিষ্ঠান দুটাই সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলিও চৰ্চা চলিছে। ২০১৯ চনতে আইডিয়াৰ চেয়াৰমেন কুমাৰ মংগলমে জনাইছিল যে, যদি চৰকাৰে কোনো সাহাৰ্য আগনবঢ়াই তেন্তে কোম্পানী বন্ধ কৰি দিয়া হ’ব।

ভোডাফোন আৰু আইডিয়াৰ ৫৩ হাজাৰ কোটি টকা এজিআৰ বকেয়া দিবলগীয়া আছে। কোম্পানী অক্টোবৰ–ডিচেম্বৰ মাহত ৬৪৩৯ কোটি টকাৰ ক্ষতি হৈছে। এনেদৰে একেৰাহে সৰ্বমুঠ ছবাৰ কোম্পানী বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। ফলত প্ৰায় ২০ শতাংশ হ্ৰাস পাইছে কোম্পানীৰ শ্বেয়াৰ।

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পিছত বকেয়া জমা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ মন্ত্ৰণালয়ে অন্তিম নিৰ্দেশনা জাৰি কৰিছে। ভাৰতী এয়াৰটেল আৰু ভোডাফোনৰ দৰে প্ৰতিষ্ঠানক শুকুৰবাৰে ৰাতিৰ ভিতৰত বকেয়া ধন দিয়াৰ নিৰ্দেশ দিয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি