আইচিআইচিআই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোচ্চাৰ আৰু তেওঁৰ স্বামী দীপক কোচ্চাৰক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে। ভিডিঅ’কন-আইচিআইচিআই বেংকৰ জালিয়াতিৰ গোচৰত দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে।
উল্লেখযোগ্য যে, আইচিআইচিআই বেংকে ভিডিঅ’কন গ্ৰুপক প্ৰায় ৩,২৫০ কোটি টকাৰ ঋণ দিয়াৰ অভিযোগত অনিয়ম সংঘটিত কৰিছিল আৰু সেই জালিয়াতি সংঘটিত হোৱাৰ সময়ত চন্দা কোচ্চাৰ বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আছিল। এই গোচৰত ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰবৰ্তন সঞ্চালকালয় অৰ্থাৎ ইডিয়ে অপৰাধমূলক গোচৰ ৰুজু কৰিছিল। ইয়াৰ অধীনত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়। চন্দা কোচ্চাৰৰ বিৰুদ্ধে বৈষম্য আৰু ভিডিঅ’কন গ্ৰুপৰ পক্ষপাতৰ অভিযোগ উত্থাপিত হৈছে।
অপৰাধমূলক ষড়যন্ত্ৰ আৰু দুৰ্নীতি প্ৰতিৰোধ আইন সম্পৰ্কীয় আইপিচিৰ ধাৰাত পঞ্জীয়ন হোৱা এজাহাৰত চিবিআইয়ে ন্যুপাৱাৰ ৰিনিউৱেবলছ, চুপ্ৰিম এনাৰ্জী, ভিডিঅ’কন ইণ্টাৰনেশ্যনেল ইলেক্ট্ৰনিকছ লিমিটেড আৰু ভিডিঅ’কন ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সৈতে অভিযুক্ত চন্দা কোচ্চাৰ, তেওঁৰ স্বামী আৰু ভিডিঅ’কন গ্ৰুপৰ ভেনুগোপাল ধূটক অভিযুক্ত হিচাপে গোচৰ পঞ্জীয়ন হৈছে।
অভিযোগ অনুসৰি ২০১২ চনত ভিডিঅ’কন গ্ৰুপে আইচিআইচিআই বেংকৰ পৰা ৩২৫০ কোটি টকাৰ ঋণ লাভ কৰাৰ পিছতে ভিডিঅ’কন প্ৰমোটাৰ ভেনুগোপাল ধূতে নুপাৱাৰত কোটি কোটি টকা বিনিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে বুলি চিবিআইৰ বিষয়াসকলে জানিবলৈ দিয়ে।
২০১৯ চনত চিবিআইয়ে এই এফআইআৰ পঞ্জীয়ন কৰাৰ পিছত এক বিবৃতিযোগে কয় যে অভিযুক্তই আইচিআইচিআই বেংকক প্ৰতাৰণা কৰাৰ অপৰাধমূলক ষড়যন্ত্ৰত ব্যক্তিগত কোম্পানীক কিছুমান ঋণ অনুমোদন দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
ফৰ্বছ আলোচনীৰ ‘বিশ্বৰ আটাইতকৈ শক্তিশালী মহিলা’ৰ তালিকাত অন্তৰ্ভুক্ত হোৱা চন্দা কোচ্চাৰে ১৯৮৪ চনত প্ৰশিক্ষাৰ্থী হিচাপে আইচিআইচিআই বেংকত যোগদান কৰে। ২০০৯ চনত চন্দা কোচ্চাৰক বেংকটোৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।
Published by: Subham Goswami
FIRST PUBLISHED : December 24, 2022, 05:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।