যদি আপোনাৰ ঘৰত বিবাহৰ প্ৰস্তুতি চলিছে আৰু আপুনি সোণ ক্ৰয় কৰাৰ কথা ভাবি আছে, তেনেহ'লে আপোনাৰ বাবে এক সুবৰ্ণ সুযোগ। আই চি আই চি আই বেংকে (ICICI Bank ) আপোনাক দিছে সস্তাতে সোণ ক্ৰয়ৰ সুযোগ।
দৰাচলতে, আই চি আই চি আই বেংকে (ICICI Bank ) এই গ্ৰীষ্মকালত তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে চমৎকাৰী অনুকূলিত অ'ফাৰ (গ্ৰীষ্মকালীন অফাৰ)। ইয়াত অন্তৰ্ভূক্ত আছে ৱৰ্ক ফ্ৰম হোম (Work from Home) আৰু দৈনন্দিন ব্যৱহৃত কিছুমান অন্যান্য অত্যাৱশ্যকীয় আইচিআইচিআই বেংকৰ (ICICI Bank) কি এই বিশেষ অ'ফাৰ।

আই চি আই চি আই বেংকে (ICICI Bank ) আইডিলাইটচ (idelights)চামাৰ বোনাচ অ'ফাৰ(Summer Bonus offer) আগবঢ়াইছে। এই অ'ফাৰৰ অধীনত গ্ৰাহকসকলক গহনাসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত বৃহৎ ৰেহাই প্ৰদান কৰা হৈছে। আইডিলাইটচ চামাৰ বোনাচ অ'ফাৰৰ অধীনত, এজন গ্ৰাহকে পিচি জুৱেলাৰৰ (PC Jewellers)ৰ ৰিটেইল দোকান বা ৱেবছাইটৰ পৰা ন্যূনতম ৪৫,০০০ টকা ক্ৰয়ৰ ওপৰত ৭,৫০০ টকা বা ৭.৫ শতাংশলৈকে ৰেহাই লাভ কৰিব পাৰে।
আনহাতে হীৰাৰ গহনাত ন্যূনতম ৮০,০০০ টকা ক্ৰয়ৰ ওপৰত ১০,০০০ টকালৈকে ৰেহাই লাভ কৰিব। আনহাতে, কল্যাণ জুৱেলাৰ (Kalyan Jewellers)ৰ সোণৰ গহনাৰ ওপৰত ১০,০০০ টকাৰ ৰেহাই লাভ কৰিব। যদিও ইয়াৰ পৰা ন্যূনতম ৬০,০০০ টকাৰ গহনা ক্ৰয় কৰিব লাগিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 10, 2021, 15:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।