মণিপুৰত চৰকাৰ গঠনৰ চেষ্টা কৰি বিপদত ইববি সিং, CBIৰ চমন

এন বিৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰখনক ভাঙি চৰকাৰ গঠনৰ যো-জা চলাইছিল প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী ইববি সিঙে
এন বিৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰখনক ভাঙি চৰকাৰ গঠনৰ যো-জা চলাইছিল প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী ইববি সিঙে
- News18 Assam
- Last Updated: June 24, 2020, 1:36 PM IST
২০১৯ত CBIয়ে ৰুজু কৰা এটা গোচৰত মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইববি সিঙক তলব কৰিছে ৷ বুধবাৰে CBIৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ ইববি সিঙক জনোৱা হৈছে ৷ ৩৩২ কোটি টকা অপব্যৱহাৰ কৰাৰ সন্দৰ্ভত CBIয়ে ৰুজু কৰা গোচৰত ইতিমধ্যে ইববি সিঙক একাধিকবাৰ জেৰা কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংন্থাটোৱে ৷
এন বিৰেন সিং নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰখনৰ পৰা বিগত সপ্তাহত শাসকীয় BJPৰ তিনিজন বিধায়কে পদত্যাগ কৰাৰ লগতে আন ছয়জনে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল ৷ ইয়াৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী ইববি সিঙে ৰাজ্যপাল নাজমা হেপ্টুলাৰ ওচৰত বিশেষ অধিবেশনৰ আহ্বান কৰিছিল ৷