உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • IAS topper দম্পত্তি টীনা ডাবি আৰু আতহাৰ আমীৰে বিবাহ বিচ্ছেদৰ বাবে কৰিলে আৱেদন, ছোচিয়েল মিডিয়াৰ পৰা 'খান' উপাধি আঁতৰালে ডাবিয়ে

    IAS topper দম্পত্তি টীনা ডাবি আৰু আতহাৰ আমীৰে বিবাহ বিচ্ছেদৰ বাবে কৰিলে আৱেদন, ছোচিয়েল মিডিয়াৰ পৰা 'খান' উপাধি আঁতৰালে ডাবিয়ে

    হিন্দু মহাসভাই লাভ জেহাদ আখ্যা দিছিল এইখন বিয়া।

    হিন্দু মহাসভাই লাভ জেহাদ আখ্যা দিছিল এইখন বিয়া।

    হিন্দু মহাসভাই লাভ জেহাদ আখ্যা দিছিল এইখন বিয়া।

    • Share this:
    প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ টপাৰ টীনা ডাবি আৰু আতহাৰ আমীৰে অৱশেষত পৃথকে পৃথকে থকাৰ সিদ্ধান্ত ল’লে। দুয়ো ১৭ নৱেম্বৰত জয়পুৰৰ এখন ফেমিলী কোৰ্টত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে। চিভিল চাৰ্ভিচৰ পৰীক্ষাত টপাৰ টীনা আৰু আমীৰৰ লাভ ষ্টৰী চৰ্চাত আছিল। ২০১৮ চনত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো।

    ৰিপৰ্ট অনুসৰি, দিল্লীৰ পাৰ্চনেল এণ্ড ট্ৰেইনিং বিভাগৰ এক অনুষ্ঠানত ২০১৫ চনত দুয়োৰে  প্ৰথমবাৰলৈ কথা বতৰা হৈছিল। ইয়াৰ পিছতে দুয়ো প্ৰেমৰ সম্পৰ্কৰে বান্ধ খায়। কিন্তু এতিয়া দুয়ো বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে, হিন্দু মহাসভাই লাভ জেহাদ আখ্যা দিছিল তেওঁলোকৰ বিয়াখনক।

    ২০১৫ চনত UPSC পৰীক্ষাত টীনা প্ৰথম আৰু আমীৰ দ্বিতীয় হৈছিল। ২০১৮ চনত বিতৰ্ক নেওচি টীনা বিয়াত বহিছিল কাশ্মিৰী যুৱকজনৰ সৈতে। বহু বিতৰ্কৰ অন্তত ইনষ্টাগ্ৰামৰ পৰা 'খান' উপাধি আৰু 'কাশ্মীৰৰ বোৱাৰী' আঁতৰালে টীনাই।
    Published by:Himangshu Bhuyan
    First published: