IAS Couple Transferred: নিজৰ কুকুৰটোক খোজ কাঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে IAS দম্পতীয়ে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়াম (Thyagraj Stadium)ৰ পৰা সাধাৰণ লোকক উলিয়াই দি আগতীয়াকৈ বন্ধ কৰি দিছিল।
IAS Couple Transferred: নিজৰ কুকুৰটোক খোজ কাঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে IAS দম্পতীয়ে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়াম (Thyagraj Stadium)ৰ পৰা সাধাৰণ লোকক উলিয়াই দি আগতীয়াকৈ বন্ধ কৰি দিছিল।
দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত ক্ষমতাৰ অপপ্ৰয়োগ কৰি ক্ৰীড়া কাৰ্যকলাপৰ বাবে নিয়মীয়া সময়তকৈ আগতে বন্ধ কৰি দিয়াৰ বিতৰ্কৰ পিছত বৃহস্পতিবাৰে IAS দম্পতী সঞ্জীৱ খিৰৱাৰ (Sanjeev Khirwar) আৰু তেওঁৰ পত্নী ৰিংকু দুগ্গা (Rinku Dugga)ক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ক্ৰমে লাডাখ (Ladakh ) আৰু অৰুণাচল প্ৰদেশ (Arunachal Pradesh)লৈ বদলি কৰা হৈছে।
দিল্লীৰ ৰাজহ বিভাগৰ প্ৰধান সচিবে নিজৰ কুকুৰটোক খোজ কাঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে ত্যাগৰাজ ষ্টেডিয়াম (Thyagraj Stadium)ৰ পৰা সাধাৰণ লোকক উলিয়াই দি আগতীয়াকৈ বন্ধ কৰি দিছিল।
এই সন্দৰ্ভত কেন্দ্ৰই দিল্লীৰ মুখ্য সচিব নৰেশ কুমাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|