IAS দৰাৰ সময় নাই, অফিচলৈ আহি বিয়াত বহিল IPS কইনা

News18 Assam | News18-Assam
Updated:February 16, 2020, 1:31 PM IST
IAS দৰাৰ সময় নাই, অফিচলৈ আহি বিয়াত বহিল IPS কইনা
ভেলেণ্টাইন ডেৰ দিনা IAS দৰাই চৰকাৰী কাৰ্যালয়তে বিয়া পাতিলে IPS কইনাক

ভেলেণ্টাইন ডেৰ দিনা IAS দৰাই চৰকাৰী কাৰ্যালয়তে বিয়া পাতিলে IPS কইনাক

  • Share this:
এক আচৰিত ঘটনা। কাৰ্যালয়ত ইমানেই কামৰ বোজা যে সময় নাই বিয়া পাতিবলৈ। কিন্তু উপায় নাই বিয়া খন পাতিবই লাগে। গতিকে ভেলেণ্টাইন ডেৰ দিনা IPS প্ৰেমিকাক নিজৰ কাৰ্যালয়তে বিয়া পাতিলে IAS বিষয়াই।

২০১৫ বৰ্ষৰ পশ্চিম বংগৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তুষাৰ সিঙলা আৰু ২০১৭ বৰ্ষৰ বিহাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নৱজ্যোৎ চিমিৰ বিয়া। কিন্তু আড়ম্বৰপূৰ্ণ ভাবে বিয়া পাতিবলৈ এতিয়া সময়ৰ অভাৱ দুয়োগৰাকী উচ্চ পদস্থ বিষয়াৰ। গতিকে তুষাৰ সিঙলাৰ চৰকাৰী কাৰ্যালয়তে এখন পত্ৰত চহী কৰি বিবাহ পাশত আবদ্ধ হ’ল দুয়ো।

দুয়োগৰাকী বিষয়া চৰকাৰী কাৰ্যালয়ত বিয়া হোৱাৰ খবৰে এতিয়া দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading