• Home
  • »
  • News
  • »
  • nation
  • »
  • IAF: বায়ুসেনাৰ বিখ্যাত পাইলট অভিনন্দন বৰ্তমানৰ MiG-21 স্কোৱাড্ৰনে ৩০ ছেপ্টেম্বৰত ল’ব অৱসৰ 

IAF: বায়ুসেনাৰ বিখ্যাত পাইলট অভিনন্দন বৰ্তমানৰ MiG-21 স্কোৱাড্ৰনে ৩০ ছেপ্টেম্বৰত ল’ব অৱসৰ 

MiG-21: বৰ্তমান ভাৰতীয় বায়ু সেনাত প্ৰায় ৭০ খন মিগ-২১ বিমান আৰু ৫০ খন মিগ-২৯ বিমান আছে।

MiG-21: বৰ্তমান ভাৰতীয় বায়ু সেনাত প্ৰায় ৭০ খন মিগ-২১ বিমান আৰু ৫০ খন মিগ-২৯ বিমান আছে।

MiG-21: বৰ্তমান ভাৰতীয় বায়ু সেনাত প্ৰায় ৭০ খন মিগ-২১ বিমান আৰু ৫০ খন মিগ-২৯ বিমান আছে।

  • Share this:
ভাৰতীয় বায়ুসেনা (Indian Air Force)ই ৩০ ছেপ্টেম্বৰত MIG-21 যুঁজাৰু বিমানৰ বাকী থকা চাৰিটা স্কোৱাড্ৰনৰ ভিতৰত এটা স্কোৱাড্ৰনক অৱসৰ দিবলৈ সাজু হৈছে। সোমবাৰে হিন্দুস্তান টাইমছক এই সন্দৰ্ভত পৰিচিত এজন বিষয়াই জনোৱা মতে, আই এ এফে শ্ৰীনগৰস্থিত ‘স্ৱোৰ্ড আৰ্মছ’ নামেৰেও পৰিচিত শ্ৰীনগৰস্থিত ৫১ নং স্কোৱাড্ৰনটোক অৱসৰ দিব।

২০১৯ চনৰ ফেব্ৰুৱাৰীত লাইন অৱ কণ্ট্ৰ’লৰ ওপৰেৰে পাকিস্তানৰ F-16 যুদ্ধ বিমান নিক্ষেপ কৰাৰ বাবে বীৰ চক্ৰৰে সন্মানিত হোৱা উইং কমাণ্ডাৰ (বৰ্তমান গ্ৰুপ কেপ্তেইন) অভিনন্দন বৰ্তমান (Abhinandan Varthaman) সেই সময়ত স্কোৱাড্ৰনটোৰ অংশ আছিল। ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত ‘অপাৰেচন ছফেড সাগৰ’ৰ অংশও আছিল এই স্কোৱাড্ৰন।

পূৰ্বে প্ৰকাশিত এক খবৰ মতে ২০২৫ চনৰ ভিতৰত বায়ু সেনাই চাৰিওটা মিগ-২১ স্কোৱাড্ৰন (MiG-21 squadron) অৱসৰ দিয়াৰ পৰিকল্পনা কৰিছে। মিগ-২১ হৈছে ছোভিয়েট যুগৰ একক ইঞ্জিনযুক্ত মাল্টিৰোল যুঁজাৰু আৰু স্থল আক্ৰমণকাৰী বিমান আৰু এসময়ত ই IAFৰ মেৰুদণ্ড আছিল। বৰ্তমান ভাৰতীয় বায়ু সেনাত প্ৰায় ৭০ খন মিগ-২১ বিমান আৰু ৫০ খন মিগ-২৯ বিমান আছে।

বিগত কেইবছৰমানৰ পৰা কেইবাখনো মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। উপলব্ধ তথ্য অনুসৰি ১৯৬৩ চনত নিয়োগ কৰাৰ পিছৰে পৰা ৪০০ৰো অধিক মিগ-২১ দুৰ্ঘটনাত পতিত হৈছে, যাৰ ফলত প্ৰায় ২০০জন পাইলটৰ মৃত্যু হৈছে।

ইয়াৰ পূৰ্বে জুন মাহত ৰাজস্থানৰ বাৰ্মাৰত মিগ-২১ প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ দুজন পাইলট নিহত হৈছিল।

ভাৰতীয় বায়ু সেনাই মিগ-২১ৰ ঠাইত তেজছ লঘু যুদ্ধ বিমান আৰু ছুখই-৩০ৰ বিভিন্ন ভেৰিয়েণ্ট প্ৰৱৰ্তন কৰাৰ প্ৰক্ৰিয়াত আছে।
Published by:Manjumoni Borah
First published: