• Home
  • »
  • News
  • »
  • nation
  • »
  • IAF's MiG-21 Fighter Aircraft Crashes : মাজ আকাশত ভাঙি পৰিল ভাৰতীয় যুদ্ধ বিমান, দুই পাইলট নিহত!

IAF's MiG-21 Fighter Aircraft Crashes : মাজ আকাশত ভাঙি পৰিল ভাৰতীয় যুদ্ধ বিমান, দুই পাইলট নিহত!

কি কাৰণত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল তাৰ তদন্ত আৰম্ভ হৈচে। যুদ্ধ বিমানখন যি স্থানত পৰিছে তাত ১৫ ফুট দ’ গাঁতৰ সৃষ্টি হৈছে।

  • Share this:
ৰাজস্থানৰ বাৰমেৰৰ ভিমৰাৰ সমীপত ভাঙি পৰিল এখন ভাৰতীয় যুদ্ধ বিমান মিগ ২১ ফাইটাৰ। জানিব পৰা মতে, ভিমৰাৰ বাইতু থানাৰ ভিমদা গাঁৱত ভাঙি পৰে বিমানখন। ভাঙি পৰাৰ সময়তে জ্বলি যায় বিমানখন। এই ঘটনাত মৃত্যু হয় বিমানখনৰ দুই পাইলটৰ।

বৃহস্পতিবাৰে নিশা ৯ বজাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰৰ খবৰ অনুসৰি, ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। জিলা কালেক্টৰ, আৰক্ষী অধীক্ষক আৰু বায়ুসেনাৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হয়। কিন্তু কিয় সংঘটিত হ’ল এই ঘটনা, সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই।

ইতিমধ্যে এই ঘটনাৰ খবৰ লৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ আইএএফ চীফ, এয়াৰ চীফ মাৰ্ছাল ভি আৰ চৌধুৰীৰ সৈতে এই বিষয়ে আলোচনা কৰিছে। কি কাৰণত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল তাৰ তদন্ত আৰম্ভ হৈচে। যুদ্ধ বিমানখন যি স্থানত পৰিছে তাত ১৫ ফুট দ’ গাঁতৰ সৃষ্টি হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি