নিজৰ মিছাইলৰ খুন্দাত ধ্বংস ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰ, ভুল স্বীকাৰ কৰিলে বায়ুসেনা প্ৰধানে

বায়ুসেনাৰ প্ৰধানে কয় যে আদালত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু এয়া আমাৰ ভুলৰ বাবে সংঘটিত হৈছিল।

News18-Assam
Updated:October 4, 2019, 1:24 PM IST
নিজৰ মিছাইলৰ খুন্দাত ধ্বংস ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰ, ভুল স্বীকাৰ কৰিলে বায়ুসেনা প্ৰধানে
Photo : deccanchronicle.com
News18-Assam
Updated: October 4, 2019, 1:24 PM IST
২৭ ফেব্ৰুৱাৰীত শ্ৰীনগৰত ভাৰতীয় সেনাৰ ভুলৰ বাবেই ধ্বংসপ্ৰাপ্ত হৈছিল বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰখন। এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আদালতে। বায়ুসেনাৰ প্ৰধানে কয় যে আদালত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু এয়া আমাৰ ভুলৰ বাবে সংঘটিত হৈছিল। আমাৰ মিছাইলেই আমাৰ হেলিকপ্টাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল হেলিকপ্টাৰখন। এই ঘটনাৰে জড়িত দুই বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আমি আমাৰ ডাঙৰ ভুল মানি লৈছো আৰু ভৱিষ্যতে এনেধৰণৰ ভুলৰ পুনৰাবৃত্তি নহ’৸বলৈ চেষ্টা চলাম বুলিও মন্তব্য কৰে ভাৰতীয় বায়ুসেনা প্ৰধানৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি