৬ মাহ পিছত আকৌ যুঁজাৰু বিমানৰ ককপিটত বহিল অভিনন্দন, এয়াৰ চীফ মাৰ্শ্বালৰ সৈতে উৰুৱালে MiG-21

পাকিস্তানৰ হাতত বন্দী হৈ মুকলি হৈ অহাৰ ৬ মাহ পিছত যুঁজাৰু বিমানৰ ককপিটত বহিল অভিনন্দন।

News18-Assam
Updated:September 2, 2019, 3:23 PM IST
৬ মাহ পিছত আকৌ যুঁজাৰু বিমানৰ ককপিটত বহিল অভিনন্দন, এয়াৰ চীফ মাৰ্শ্বালৰ সৈতে উৰুৱালে MiG-21
পাকিস্তানৰ হাতত বন্দী হৈ মুকলি হৈ অহাৰ ৬ মাহ পিছত যুঁজাৰু বিমানৰ ককপিটত বহিল অভিনন্দন।
News18-Assam
Updated: September 2, 2019, 3:23 PM IST
৬ মাহ বিশ্ৰামৰ পিছত আকৌ যুঁজাৰু বিমানৰ আসনত বহিল ভাৰতীয় বায়ুসেনাৰ নিৰ্ভীক বিষয়া উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমান। বায়ুসেনাৰ এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱাই আজি উইং কমাণ্ডাৰ অভিনন্দনৰ সৈতে উৰুৱালে MiG-21 যুঁজাৰু বিমান। পাকিস্তানৰ হাতত বন্দী হৈ মুকলি হৈ অহাৰ ৬ মাহ পিছত যুঁজাৰু বিমানৰ ককপিটত বহিল অভিনন্দন। এয়াৰ চীফ মাৰ্শ্বাল ধানোৱাও MiG-21 যুঁজাৰু বিমানৰ পাইলট। কাৰ্গিল যুদ্ধৰ সময়ত ধানোৱাই উৰুৱাইছিল যুঁজাৰু বিমান।

MiG-21 উৰুওৱাৰ পিছত বায়ুসেনাৰ মুৰব্বী বি এছ ধানোৱাই ANIৰ সৈতে সাক্ষাৎকাৰত কয় যে – ‘আমাৰ দুয়োৰে মাজত দুটা কথা সাদৃশ্য আছে। প্ৰথমটো হ’ল আমি দুয়ো সুৰক্ষিতভাৱে ইজেক্ট হৈছো আৰু দ্বিতীয়টো হ’ল আমি দুয়ো পাকিস্তানৰ বিৰুদ্ধে যুঁজিছো। মই কাৰ্গিল যুদ্ধত আছিলো, অভিনন্দনে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পিছত পাকিস্তানৰ যুঁজাৰু বিমান ধ্বংস কৰিছিল।



পাকিস্তানৰ পৰা মুকলি হৈ অহাৰ পিছত অভিনন্দনে পুনৰ কেতিয়া যুঁজাৰু বিমান উৰুৱাব তাক লৈ ব্যাপক চৰ্চা হৈছিল। এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱাই স্পষ্ট কৰি দিছিল যে মেডিকেল ফিটনেছত উত্তীৰ্ণ হোৱাৰ পিছতে অভিনন্দনে পুনৰ উৰুৱাব পাৰিব MiG-21।


উল্লেখযোগ্য যে স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰে অভিনন্দনক বীৰ চক্ৰৰে সন্মানিত কৰিছিল।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি