জীয়াই থকালৈ ৰাজনীতি কৰিব বিচৰা এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী

শেহতীয়াকৈ নিৰ্বাচনত পৰাজয়ৰ পিছত পৱন চামলিঙে ৰাজনীতি ত্যাগ কৰি বুলি চৰ্চা চলিছিল ৰাজ্যখনত।

news18assam
Updated:June 2, 2019, 4:54 PM IST
জীয়াই থকালৈ ৰাজনীতি কৰিব বিচৰা এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী
শেহতীয়াকৈ নিৰ্বাচনত পৰাজয়ৰ পিছত পৱন চামলিঙে ৰাজনীতি ত্যাগ কৰি বুলি চৰ্চা চলিছিল ৰাজ্যখনত।
news18assam
Updated: June 2, 2019, 4:54 PM IST
বিধানসভা নিৰ্বাচনত পৰাজয়বৰণৰ পিছত আজি ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টে অনুষ্ঠিত কৰে প্ৰথমখন কাৰ্যকৰী সমিতিৰ বৈঠক। শেহতীয়াকৈ নিৰ্বাচনত পৰাজয়ৰ পিছত পৱন চামলিঙে ৰাজনীতি ত্যাগ কৰি বুলি চৰ্চা চলিছিল ৰাজ্যখনত। এই সন্দৰ্ভত চামলিঙে কয় যে মই জীয়াই থকালৈ ৰাজনীতি কৰি যাম আৰু ১৫ বছৰ SDFক নেতৃত্ব দিম।

ছিকিমত জনপ্ৰিয়তাৰ বাবে নহয়, SDFৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ বাবেহে ছিকিম ক্ৰান্তিকাৰী মৰ্চা শাসনলৈ আহিছে বুলিও মন্তব্য কৰে চামলিঙে। আমাৰ ক’ত ভুল হৈছে সেই বিষয়ে আমি পৰ্যালোচনা কৰিম আৰু সেয়া শীঘ্ৰে শুধৰণিৰ চেষ্টা কৰিম। SDFৰ কৰ্মীসকলক অধিক কষ্ট আৰু মনে–প্ৰাণে কাম কৰিবলৈ আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ছিকিমৰ ২৫ বছৰীয়া শাসনকালক Golden Era of Sikkim হিচাপে মনত ৰখা হ’ব বুলিও কয় চামলিঙে।

আৰু চাওক পৰৱৰ্তী বাতৰি