‘আইনৰ ওপৰত মোৰ বিশ্বাস নোহোৱা হৈছে’–আদালতৰ চৌহদত কান্দোনত ভাগি পৰিল নিৰ্ভয়াৰ মাতৃ

News18 Assam | News18-Assam
Updated:February 12, 2020, 4:32 PM IST
‘আইনৰ ওপৰত মোৰ বিশ্বাস নোহোৱা হৈছে’–আদালতৰ চৌহদত কান্দোনত ভাগি পৰিল নিৰ্ভয়াৰ মাতৃ
বুধবাৰে আছিল নিৰ্ভয়া কাণ্ডৰ শুনানিৰ দিন। কিন্তু আদালতে আকৌ স্থগিত ৰাখিলে শুনানি

বুধবাৰে আছিল নিৰ্ভয়া কাণ্ডৰ শুনানিৰ দিন। কিন্তু আদালতে আকৌ স্থগিত ৰাখিলে শুনানি

  • Share this:
বুধবাৰে আছিল নিৰ্ভয়া কাণ্ডৰ শুনানিৰ দিন। কিন্তু আদালতে আকৌ স্থগিত ৰাখিলে শুনানি। কাইলৈ হ’ব নিৰ্ভয়া কাণ্ডৰ শুনানি। নিৰ্ভয়া কাণ্ডত দোষী সাব্যস্ত হোৱা পৱনৰ পিতৃয়ে কয় যে, ‘তেওঁলোকৰ পক্ষৰ অধিবক্তা এপি সিঙক সলনি কৰিছে। আদালতৰ নতুন অধিবক্তাৰ বাবে তেওঁলোকে দুদিন সময় বিচাৰিছিল যদিও আদালতে কাইলৈ পৰ্যন্তহে শুনানি স্থগিত ৰাখে।’

এই সময়তে ন্যায় প্ৰদানৰ বাবে নিৰ্ভয়াৰ মাতৃয়ে আদালতৰ চৌহদত কান্দি কান্দি ন্যায়াধীশক হাতযোৰ কৰি কৰিলে অনুৰোধ। মাতৃয়ে কয় যে, ‘মই বহু বছৰ ধৰি আদালতলৈ অহা যোৱা কৰি আছো। আজি ন্যায়ালয়ে ডেথ ৱাৰেণ্ট জাৰি কৰক।’

মাতৃয়ে লগতে কয় যে, ‘আমাক ন্যায় দিয়ক। আইনৰ ওপৰত থকা বিশ্বাস লাহে লাহে হেৰুৱাই পেলাইছো। কিয় এনেদৰে দেৰি কৰা থকা হৈছে, আদালতে বুজি পাওক। এতিয়া  পৱনক যদি নতুন অধিবক্তা দিয়ে, তেন্তে তেওঁ আকৌ সময় বিচাৰিব।’


আৰু চাওক
পৰৱৰ্তী বাতৰি