দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰশংসাত পঞ্চমুখ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ এছ এ ববডে। সাংবাদিকৰে হোৱা কথা–বতৰাত ববডেই কয় যে মুখ্য ন্যায়াধীশ গগৈৰ পৰা তেওঁ বহু কথা শিকিছে। গগৈয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ সকলো ন্যায়াধীশক লগত লৈ আগবাঢ়িছিল।
ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত সংঘাতৰ কথাও অস্বীকাৰ কৰিলে ববডেই। আনহাতে, এই দুই কাৰ্যব্যৱস্থাই ইটোৱে আনটোক সন্মান আৰু সহযোগ কৰাৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে ন্যায়াধীশ ববডেই। অযোধ্যা ভূমি বিবাদৰ ৰায় সমগ্ৰ দেশৰ কাৰণে মহত্বপূৰ্ণ বুলিও মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে।
আদালতৰ অমীমাংসিত গোচৰসমূহ নিষ্পত্তি কৰিবলৈ Artificial Intelligenceৰ প্ৰয়োগৰ সময় আহি পৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে।
অহা ১৭ নৱেম্বৰত CJI ৰঞ্জন গগৈয়ে অৱসৰ ল’ব আৰু তাৰ পিছত ন্যায়াধীশ ববডেই ১৮ নৱেম্বৰত দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|