দলবদ্ধ বলাৎকাৰ কৰি মহিলা চিকিৎসকক হত্যা কৰা যুৱকৰ মাতৃৰ ক্ষোভ – ‘তাকো জীৱন্তে জ্বলাই দে’

News18 Assam | News18-Assam
Updated:December 1, 2019, 1:33 PM IST
দলবদ্ধ বলাৎকাৰ কৰি মহিলা চিকিৎসকক হত্যা কৰা যুৱকৰ মাতৃৰ ক্ষোভ – ‘তাকো জীৱন্তে জ্বলাই দে’
‘মোৰো এগৰাকী ছোৱালী আছে আৰু মই সেই পৰিয়ালটোৰ যন্ত্ৰণা বুজিব পাৰিছো। যদি মই মোৰ পুত্ৰক ৰক্ষণাবেক্ষণ দিওঁ তেন্তে গোটেই জীৱন মোক মানুহে ঘৃণা কৰিব।’

‘মোৰো এগৰাকী ছোৱালী আছে আৰু মই সেই পৰিয়ালটোৰ যন্ত্ৰণা বুজিব পাৰিছো। যদি মই মোৰ পুত্ৰক ৰক্ষণাবেক্ষণ দিওঁ তেন্তে গোটেই জীৱন মোক মানুহে ঘৃণা কৰিব।’

  • Share this:
হায়দৰাবাদত এগৰাকী মহিলা চিকিৎসকক দলবদ্ধ বলাৎকাৰৰ কৰি হত্যা কৰাৰ পিছত মৃতদেহ জ্বলাই দিয়া ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। চৌদিশে দোষীক উচিত শাস্তিৰ দাবী উঠিছে। ইয়াৰ মাজতে চাৰি অভিযুক্তৰ পৰিয়ালে কয় যে যদি তেওঁলোকে এনেধৰণৰ ঘৃণনীয় অপৰাধ কৰিছে তেন্তে শীঘ্ৰে ফাঁচি হোৱা উচিত বা জীৱন্তে জ্বলাই দিব লাগে।

এই ঘটনাৰ এজন অভিযুক্ত চি চেন্নাকেশাবুলুৰ মাতৃয়ে ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ সৈতে বাৰ্তালাপত কয় – ‘তাকো ফাঁচি দিব লাগে বা জীৱন্তে জ্বলাই দিব লাগে যিদৰে মহিলা চিকিৎসকগৰাকীক বলাৎকাৰৰ পিছত জ্বলাই দিছিল।’

অভিযুক্তজনৰ মাতৃয়ে আৰু কয় যে তেওঁ চিকিৎসকগৰাকীৰ পৰিয়ালৰ যন্ত্ৰণা বুজিব পাৰিছে। মহিলাগৰাকীয়ে কয় – ‘মোৰো এগৰাকী ছোৱালী আছে আৰু মই সেই পৰিয়ালটোৰ যন্ত্ৰণা বুজিব পাৰিছো। যদি মই মোৰ পুত্ৰক ৰক্ষণাবেক্ষণ দিওঁ তেন্তে গোটেই জীৱন মোক মানুহে ঘৃণা কৰিব।’

বৰ্তমান আদালতে চাৰি অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ক্ষুব্ধ লোকৰ প্ৰতিবাদৰ ফলত আৰক্ষীয়ে অভিযুক্তক আদালতলৈ নিব পৰা নাছিল। সেইবাবেই অভিযুক্তকেইটাক থানাৰ পৰাই ভিডিঅ’ কনফাৰেন্সিহৰ জৰিয়তে দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি