নাগাৰাজু (Nagaraju) আৰু আশ্ৰিন চুলতানা (Ashrin Sulthana) (ওৰফে পল্লৱী) নামৰ দম্পতীয়ে যোৱা কেইবছৰমান ধৰি সম্পৰ্কত আছিল আৰু এই বছৰৰ ২২ জানুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল।
নাগাৰাজু (Nagaraju) আৰু আশ্ৰিন চুলতানা (Ashrin Sulthana) (ওৰফে পল্লৱী) নামৰ দম্পতীয়ে যোৱা কেইবছৰমান ধৰি সম্পৰ্কত আছিল আৰু এই বছৰৰ ২২ জানুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল।
হায়দৰাবাদ (Hyderabad)ৰ সৰুৰনগৰ তহচিলদাৰ কাৰ্যালয়ত বুধবাৰে মটৰ চাইকেলত অহা এজন আক্ৰমণকাৰীয়ে এজন লোকক ছুৰীকাঘাত কৰি হত্যা কৰা ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। থানাত দাখিল কৰা এজাহাৰ মতে 'অনাৰ কিলিং' (honour killing)ৰ ঘটনাত হত্যা কৰা হৈছে লোকজনক। আৰক্ষীয়ে এতিয়া গোচৰটোৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে আৰু আন সন্দেহজনক লোকসকলক আটক কৰিছে, যাৰ ভিতৰত ছোৱালীজনীৰ পৰিয়ালৰ সদস্যও আছে।
নাগাৰাজু (Nagaraju) আৰু আশ্ৰিন চুলতানা (Ashrin Sulthana) (ওৰফে পল্লৱী) নামৰ দম্পতীয়ে যোৱা কেইবছৰমান ধৰি সম্পৰ্কত আছিল আৰু এই বছৰৰ ২২ জানুৱাৰীত বিবাহ পাশত আৱদ্ধ হৈছিল। এচিপি পি শ্ৰীধৰ ৰেড্ডীয়ে CNN-News18ক কৈছিল যে ছোৱালীজনীৰ ভায়েক আৰু জোৱায়েক এই বিয়াৰ বিৰুদ্ধে আছিল।
বুধবাৰে নিশা ৯ বজাত সৰুৰনগৰ তহচিলদাৰ কাৰ্যালয়ৰ সমীপত বাইকত অহা এজন অজ্ঞাত লোকে নাগাৰাজুক ছুৰীকাঘাত কৰি হত্যা কৰে। অপৰাধীজন লগে লগে অপৰাধস্থলীৰ পৰা পলাই গৈছিল আৰু বহুতেই ঘটনাটো তেওঁলোকৰ ফোনত ভিডিঅ' ৰেকৰ্ড কৰিছিল।
নাগাৰাজুৰ আত্মীয়সকলে তেওঁৰ পত্নীৰ পৰিয়াল এই হত্যাৰ আঁৰত জড়িত থকাৰ অভিযোগ তুলি এক প্ৰতিবাদ কৰাৰ পিছতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পায়।
২৫ বছৰীয়া বিল্লাপুৰম নাগাৰাজু চেকেন্দ্ৰাবাদৰ মাৰেডপালিত বাস কৰিছিল আৰু পুৰণি চহৰ মালাকপেটৰ এখন বিখ্যাত গাড়ীৰ দোকানত বিক্ৰেতা হিচাপে কাম কৰিছিল। ঘটনাটোৰ পিছত বিজেপিয়ে ন্যায় আৰু হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|