• Home
  • »
  • News
  • »
  • nation
  • »
  • ISRO ৰ বিজ্ঞানী হত্যাকাণ্ডঃ যৌন সম্পৰ্ক স্থাপনৰ পিছত দাবী কৰা ধন নিদিয়াৰ বাবে সমকামী সংগীয়ে কৰিলে হত্যা!

ISRO ৰ বিজ্ঞানী হত্যাকাণ্ডঃ যৌন সম্পৰ্ক স্থাপনৰ পিছত দাবী কৰা ধন নিদিয়াৰ বাবে সমকামী সংগীয়ে কৰিলে হত্যা!

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীক হত্যা কৰিলে নিজৰে সমকামী সংগীয়ে

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীক হত্যা কৰিলে নিজৰে সমকামী সংগীয়ে

ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীক হত্যা কৰিলে নিজৰে সমকামী সংগীয়ে

  • Share this:
    যোৱা ১ অক্টোবৰ তাৰিখে ISRO ৰ বিজ্ঞানী এছ সুৰেশক নিজৰ বাসগৃহতে হত্যা কৰিছিল দুৰ্বৃত্তই। হত্যাকাণ্ডৰ তদন্তত এতিয়া পোহৰলৈ আহিছে  ন ন তথ্য। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীক হত্যা কৰিলে নিজৰে সমকামী সংগীয়ে। যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছত যৌন সংগী জনে বিজ্ঞানী জনক কৰিছিল ধন দাবী। কিন্তু দাবী কৰা ধন দিবলৈ এছ সুৰেশ অমান্তি হোৱাত হত্যা কৰিলে কমকামী সংগীজনে।

    চেন্নাইত থাকে সুৰেশৰ পত্নী। কৰ্মসূত্ৰে পৰিয়ালৰ পৰা আঁতৰি এছ সুৰেশ দীৰ্ঘদিন ধৰি ফ্লেটটোত অকলশৰে বাস কৰি আহিছিল। ৫৬ বৰ্ষীয়  বিজ্ঞানীগৰাকী ইছৰ’ৰ নেশ্যনেল ৰিম’ট চেঞ্চিং চেন্টাৰৰ সৈতে জড়িত আছিল।

    আৰক্ষীৰ তদন্তৰ অন্তত এতিয়া হত্যাকাণ্ডৰ প্ৰকৃত সত্য পোহৰলৈ আহিছে। ISRO ৰ বিজ্ঞানীজনক হত্যা কৰে তেওঁৰ সমকামী সংগী জনগামা শ্ৰীনিৱাসে, যি এগৰাকী লেব টেকনেছিয়ান হিচাপে কৰ্মৰত।



    তদন্তৰ প্ৰতিবেদন অনুসৰি, অকলশৰে ফ্লেটত থকা সুৰেশৰ কিছু দিন ধৰি চলি আছিল আৰ্থিক সমস্যা। আৰু তাৰে সুবিধা ল’ব বিচাৰিছিল সমকামী সংগীজনে। নিশা বিজ্ঞানীজনৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰি শ্ৰীনিৱাসে দাবী কৰে ধন। কিন্তু দাবী কৰা ধন দিবলৈ বিজ্ঞানীজন অমান্তি হোৱাত হত্যাৰ পৰিকল্পনা কৰে সমকামী সংগীজনে।

    শ্ৰীনিৱাসে পূৰ্ব পৰিকল্পিত ভাবেই হত্যা কৰে ISRO ৰ বিজ্ঞানীজনক। লোকজনে  ইণ্টাৰনেটৰ সহায়ত তৈয়াৰ কৰিছিল হত্যাকাণ্ডৰ ব্লু–প্ৰিণ্ট। হত্যাকাৰী শ্ৰীনিৱাসে প্ৰথমে মূৰত প্ৰচণ্ড ভাবে প্ৰহাৰ কৰি, চুৰিৰে হানি খুচি হত্যা কৰে  ISRO ৰ বিজ্ঞানীজনক।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি