অনলাইনত পুৰণি চাইকেল বিক্ৰীৰ বিজ্ঞাপন দি ঠগৰ পাল্লাত চাৰ্টাৰ্ড একাউণ্টেণ্ট, হেৰুৱালে ৬লাখ টকা

অনলাইনত পুৰণি চাইকেল বিক্ৰীৰ বিজ্ঞাপন দি ঠগৰ পাল্লাত চাৰ্টাৰ্ড একাউণ্টেণ্ট, হেৰুৱালে ৬লাখ টকা
অনলাইনত পুৰণি চাইকেল বিক্ৰীৰ বিজ্ঞাপন দি ঠগৰ পাল্লাত চাৰ্টাৰ্ড একাউণ্টেণ্ট, হেৰুৱালে ৬লাখ টকা
- News18 Assam
- Last Updated: February 23, 2021, 2:03 PM IST
এইবাৰ অনলাইন চাইকেল বিক্ৰী কৰিবলৈ গৈ
এনে দুষ্টচক্ৰ বলি হ'বলগীয়া হ'ল হায়দৰাবাদৰ এগৰাকী চাৰ্টার্ড একাউণ্টেণ্ট। এই দুষ্টচক্ৰৰ চক্ৰবেহুত সোমাই চাৰ্টার্ড একাউণ্টেণ্টগৰাকীয়ে হেৰুৱাবলগীয়া হয় ৬ লাখকৈ টকা।
তাৰ পাচতে দুয়োগৰাকীয়ে চাইকেলখনৰ মূল্য সম্পৰ্কত আলোচনা কৰিছিল আৰু ক্ৰেতাৰূপী প্ৰৱঞ্চকটোৱে ভুক্তভোগীজনক কৈছিল সি তেওঁৰ ফোনলৈ এটা কিউ আৰ কোড প্ৰেৰণ কৰিব আৰু আগতীয়া ধন লাভৰ বাবে সি আগবঢ়োৱা কোডটো স্কেন কৰিব লাগিব । তাৰ পাচতে প্ৰবঞ্চকটোৰ কথা শুনি যেতিয়া চি এ গৰাকীয়ে কোডটো স্কেন কৰিছিল তেতিয়াই তেওঁৰ বেংক একাউণ্টৰ পৰা ২ লাখ টকা ডেবিট কৰা হৈছিল । যেতিয়া তেওঁ প্ৰৱঞ্চকটোক সেই সম্পৰ্কে অৱগত কৰিছিল, সি কৈছিল যে সি এতিয়া ২ লাখ টকা আৰু আগৰ টকা পুনৰ প্ৰেৰণ কৰিব আৰু তাৰ ভুক্তভোগীজনক পুনৰ কোডটো স্কেন কৰিবলৈ কৈছিল।
প্ৰবঞ্চকৰ কথা শুনি পুনৰ একেই কাম কৰিলে চি এ গৰাকীয়ে আৰু ইয়াৰ জৰিয়তে পুনৰ তেওঁৰ একাউণ্টৰ পৰা ২ লাখ টকা কাটি লোৱা হৈছিল ।
ভুক্তভোগীজনে পুনৰ প্ৰৱঞ্চকটোক ফোন কৰি কোৱাত সি এয়া কাৰিকৰী বিজুতি বুলি কৈ তেওঁক একেৰাহে তৃতীয়বাৰৰ বাবে পুনৰ কিউ আৰ কোডস্কেন কৰিবলৈ কৈছিল । যাৰ ফলত তৃতীয়বাৰ পুনৰ ২ লাখ টকা কাটি লোৱা হৈছিল। তৃতীয়বাৰৰ এই ঘটনাৰ পাচত যেতিয়া ভুক্তভোগীয়ে ফোন কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া প্ৰৱঞ্চকৰ ম'বাইলটো বন্ধ কৰা হৈছিল। এনেদৰে চি এ গৰাকীৰ পৰা ৬ লাখ টকা শৰাধ কৰে প্ৰবঞ্চকটোৱে |