পত্নীৰ সৈতে বিবাদৰ ফলত ৰাস্তাত থিয় হৈ নিজৰ ডিঙি কাটি আত্মহত্যাৰ চেষ্টা কৰিলে এজন যুৱকে। সেই তেজেৰে চৰম সিদ্ধান্ত লোৱাৰ কাৰণ দেৱালত লিখিলে স্বামীয়ে। নিজৰ তেজেৰে অভিমানৰ কাৰণ লিখি থাকোতেই ঢলি পৰিল ৩৭ বছৰীয়া যুৱকজন। আনকি এই ঘটনা সংঘটিত কৰাৰ পূৰ্বে পত্নীক ফোন কৰি নিজৰ এই চৰম সিদ্ধান্তৰ কথাও জনাইছিল লোকজনে। এই ঘটনাৰ সাক্ষী হৈ ৰ’ল পশ্চিম বংগৰ হাওৰাৰ বেলুৰৰ অগ্ৰসেন ৰোডৰ বাসিন্দা। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন।
আৰক্ষী আৰু স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, পেছাত ই–ৰিক্সা চালক যুৱকজন নিশ্চিন্দাৰ নবোদয় পল্লিৰ বাসিন্দা। ৰক্তাক্ত অৱস্থাত পথৰ ওপৰত তেওঁক পৰি থকা প্ৰত্যক্ষ কৰি যুৱকজনৰ কাষত পৰি থকা ম’বাইলৰ পৰা তেওঁৰ পত্নীক ফোন কৰে স্থানীয় লোকে। ইতিমধ্যে স্বামীৰ ফোন পাই বিচাৰ–খোচাৰ আৰম্ভ কৰিছিল পত্নীয়েও। স্থানীয় লোকৰ পৰা ঘটনাস্থলীৰ বিষয়ে জানিব পাৰি নিজেই আহি স্বামীক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে পত্নীয়ে।
যুৱকজনৰ কাষৰ পৰা এখন সৰু চোকা অস্ত্ৰ উদ্ধাৰ হয়। তেওঁৰ পত্নীৰ দাবী, সেইদিনা ই–ৰিক্সা লৈ ঘৰৰ পৰা ওলোৱাৰ সময়, পাৰিবাৰিক কথাক লৈ কাজিয়া হৈছিল দুয়োৰে মাজত। তাৰ পিছৰে পৰা কেইবাবাৰো ফোন কৰাৰ পিছতো ফোন উঠোৱা নাছিল স্বামীয়ে। ইয়াৰ পিছতে স্থানীয় লোকৰ পৰা ফোন কল পায় তেওঁ।
Read all
News in Assamese ,
Assam News Today ,
Entertainment News in Assamese ,
Business News in Assamese ,
Sports News in Assamese ,
Health News in Assamese ,
India News in Assamese
চিকিৎসকৰ মতে, যুৱকজন বৰ্তমান বিপজদমুক্ত যদিও ডিঙিত আঘাত আছে। সন্ধিয়াৰ সময়তে কিদৰে এজন যুৱকে পথৰ মাজত এই ঘটনা সংঘটি কৰিলে, কিয় কোনো লোকে যুৱকজনক বাধা নিদিলে তাক লৈও উঠিছে প্ৰশ্ন। স্থানীয় লোকৰ দাবী, সেই পথেৰে সন্ধিয়াৰ সময়ত বেছি লোকৰ সমাগম নহয়। সেই সুযোগতে যুৱকজনে এই কাণ্ড সংঘটিত কৰে। ঘটনাক লৈ এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: January 03, 2022, 17:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|