পত্নীক ৰডেৰে মৰিয়াই হত্যা, তাৰ পিছত ট্ৰাকৰ আগত জঁপিয়াই আত্মহত্যা

মানসিকভাৱে অসুস্থ দীপক যাদৱ নামৰ লোকজনে পূৰ্বেও আত্মহত্যাৰ চেষ্টা চলাইছিল।

News18-Assam
Updated:November 10, 2019, 11:01 PM IST
পত্নীক ৰডেৰে মৰিয়াই হত্যা, তাৰ পিছত ট্ৰাকৰ আগত জঁপিয়াই আত্মহত্যা
মানসিকভাৱে অসুস্থ দীপক যাদৱ নামৰ লোকজনে পূৰ্বেও আত্মহত্যাৰ চেষ্টা চলাইছিল।
News18-Assam
Updated: November 10, 2019, 11:01 PM IST
কাণপুৰৰ দেহাতত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন লোকে পত্নীক ৰডেৰে মৰিয়াই হত্যা কৰাৰ পিছত ট্ৰাকৰ আগত জপিয়াই আত্মহত্যা কৰে। নিজৰ সন্তানকো ৰডেৰে প্ৰহাৰ কৰি আহত কৰে লোকজনে।

জানিব পৰা মতে, ভোগনীপুদ কোটৱালীত মানসিকভাৱে অসুস্থ এজন লোকে নিজৰ পত্নী আৰু সন্তানক মাজনিশা আক্ৰমণ কৰে। ৰডেৰে পত্নীক মৰিয়াই হত্যা কৰাৰ পিছত হুলস্থূল শুনি ওলাই অহা সন্তানকো আক্ৰমণ কৰে লোকজনে। তাৰ পিছতে চলন্ত ট্ৰাকৰ আগত জপিয়াই আত্মহত্যা কৰে লোকজনে। আহত দুই সন্তান বৰ্তমান চিকিৎসাধীন।

মানসিকভাৱে অসুস্থ দীপক যাদৱ নামৰ লোকজনে পূৰ্বেও আত্মহত্যাৰ চেষ্টা চলাইছিল। ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি