আৰক্ষী সূত্ৰে জানিব পৰা গৈছে যে ধৃত নিৰু মাঝিৰ পত্নীৰ সৈতে মৃত যুৱক প্ৰদীপ মাঝিৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়ি উঠিছিল।
পশ্চিম বংগৰ বৰ্ধমানত চাঞ্চল্যকৰ ঘটনা। বৰ্ধমানৰ শিৱপুৰ অঞ্চলত বৃহস্পতিবাৰে বিয়লি প্ৰদীপ মাঝি নামৰ এজন যুৱকৰ ডিঙি কটা মৃতদেহ উদ্ধাৰ হৈছিল। এই হত্যাকাণ্ডৰ ঘটনাত জড়িত থকাৰ অভিযোগত নিৰু মাঝি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিবাগ বহিৰ্ভূত সম্পৰ্কৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি দাবী আৰক্ষীৰ।
আৰক্ষী সূত্ৰে জানিব পৰা গৈছে যে ধৃত নিৰু মাঝিৰ পত্নীৰ সৈতে মৃত যুৱক প্ৰদীপ মাঝিৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়ি উঠিছিল। জানুৱাৰী মাহত দুদিনৰ বাবে প্ৰদীপে নিৰুৰ পত্নীৰ সৈতে পলায়ো যায়। কিছু পিছত পুনৰ তেওঁলোক ঘৰলৈ উভতি আহে। এই বিবাহ বহিৰ্ভূত সম্পৰ্ক মানি ল’ব পৰা নাছিল নিৰুৱে। বৃহস্পতিবাৰে মদ্যপানৰ প্ৰস্তাৱ দি প্ৰদীপক বৰ্ধমানৰ শিৱপুৰৰ এটা পিতনিৰ ওচৰলৈ মাতি নিয়ে নিৰুৱে।
আৰক্ষীৰ অনুমান, তাতেই চোকা অস্ত্ৰৰে প্ৰদীপক হত্যা কৰি পিতনিত মৃতদেহ পেলাই দিয়ে নিৰুৱে। তদন্তত নামি আৰক্ষীয়ে নিৰুক আটক কৰে সোধা–পোছা কৰে। আৰক্ষীৰ দাবী, সোধা–পোছাত নিৰুৱে প্ৰদীপক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে নিৰুক গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে প্ৰদীপৰ মৃতদেহ উদ্ধাৰ হৈছিল। সেইদিনা পুৱাই এগৰাকী মহিলাৰ মৃতদেহো উদ্ধাৰ হৈছিল বৰ্ধমানৰ কাঞ্চন নগৰত। অৱশ্যে মহিলাগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|