বৃহস্পতিবাৰে পুৱা কলকাতাৰ চিৎপুৰ থানালৈ গৈ সঞ্জয় দাস নামৰ এজন লোকে কয়, তেওঁ পত্নীক হত্যা কৰিছে। থানাত কৰ্তব্যৰত বিষয়াই লোকজনৰ কথা শুনি হতভম্ব হৈ পৰে। বিষয়টো নিশ্চিতভাৱে জানিবলৈ কিছু সময় লাগিল আৰক্ষীক। তাৰ পিছতে লোকজনক লৈ উপস্থিত হ’ল ঘটনাস্থলীত।
ৰাজা মনীন্দ্ৰ ৰোডৰ বাসিন্দা লোকজনৰ তিনি মহলাত থকা ঘৰলৈ গৈ আৰক্ষীয়ে দেখিলে, লোকজনৰ পত্নী মুনমুন দাস মজিয়াত উবুৰি হৈ পৰি আছে। সঞ্জয় দাস পেছাত এজন অটো চালক। মুনমুন চহৰৰ এখন কেকৰ দোকানত কাম কৰে। দীৰ্ঘদিন ধৰি লকডাউনৰ বাবে সঞ্জয়ে অটো চলাব পৰা নাছিল। ফলত উপাৰ্জন একেবাৰে নাছিল বুলিয়ে ক’ব পাৰি।
পত্নীৰ চৰিত্ৰক লৈ প্ৰায়ে সন্দেহ কৰিছিল লোকজনে। ইয়াকে লৈ পত্নীক মাৰধৰো কৰিছিল লোকজনে। মুনমুনৰ জ্যেষ্ঠ ভগ্নীয়ে কয় যে বিয়াৰ পিছৰে পৰা দুয়োৰে মাজত কাজিয়া হৈ আছিল। যিহেতু আর্থিক দিশৰ পৰা সঞ্জয় দুৰ্বল, সেয়ে মুনমুনে কামলৈ গ’লেই সন্দেহ কৰিছিল বুলি অভিযোগ।
ৰাজা মনীন্দ্ৰ ৰোডত এটা ফ্লেড ভাড়াত লৈ ১৮ বছৰীয়া পুত্ৰৰ সৈতে বাস কৰিছিল পৰিয়ালটোৱে। কিছুদিন পূৰ্বেও অশান্তিৰ বাবে পিতৃগৃহলৈ গুচি গৈছিল মুনমুন। কিন্তু পুনৰ ঘূৰি আহিছিল মুনমুন।
মুনমুনৰ মুখত আছিল আঘাতৰ চিন। ডিঙি চেপি হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। তদন্তকাৰী আৰক্ষীৰ মতে, প্ৰথমে কোনো সামগ্ৰীৰে মুনমুনৰ মুখৰ সোঁফালে আঘাত কৰিছিল সঞ্জয়ে। তাৰ পিছত অজ্ঞান হৈ পৰাত ডিঙি চেপি হত্যা কৰে। মুনমুনৰ পৰিয়ালৰ ফালৰ পৰা ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। অভিযুক্ত সঞ্জয়ক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|