পত্নীয়ে আন কামত ব্যস্ত থকাত অলপ পলম হয় চালাড কাটি অনাত। তাৰ পিছতে দুয়োৰে মাজত অশান্তি আৰম্ভ হয়।
পত্নীয়ে আন কামত ব্যস্ত থকাত অলপ পলম হয় চালাড কাটি অনাত। তাৰ পিছতে দুয়োৰে মাজত অশান্তি আৰম্ভ হয়।
নিশা খাবলৈ বহিছিল স্বামী আৰু সন্তান। খোৱাৰ যা–যোগাৰ কৰিছে পত্নীয়ে। চালাড কাটিবলৈ কৈছিল স্বামীয়ে। চালাড কাটি পৰিৱেশন কৰোতে অলপ পলম হ’ল। তাতে খং উঠিল স্বামীৰ। আৰু সেই খঙৰ পৰিণতিত চোকা অস্ত্ৰৰে স্বামীয়ে উপৰ্যুপৰি ঘপিয়ালে স্বামীয়ে। সাৰি নগ’ল নিজৰ পুত্ৰও। পিতৃৰ অস্ত্ৰৰ ঘাপত গুৰুতৰভাৱে আহত হয় পুত্ৰও। ঘটনাৰ পিছৰে পৰা পলাতক অভিযুক্ত লোকজন।
ঘটনাটো উত্তৰ প্ৰদেশৰ ছামলিৰ। সোমবাৰে ছামলিৰ গোগাৱান জালালপুৰত সংঘটিত হয় এই ঘটনা। পত্নী আৰু পুত্ৰক চোকা অস্ত্ৰৰে ঘপিয়ালে এজন লোকে। পত্নী সুদেশক প্ৰাণ মৰাৰ অভিযোগত স্বামী ৪৭ বছৰীয়া মুৰলীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰে প্ৰকাশ, আনদিনাৰ দৰে সোমবাৰে নিশাও খোৱাৰ সময়ত চালাড কাটি অনাৰ নিৰ্দেশ দিছিল মুৰলীয়ে। পত্নীয়ে আন কামত ব্যস্ত থকাত অলপ পলম হয় চালাড কাটি অনাত। তাৰ পিছতে দুয়োৰে মাজত অশান্তি আৰম্ভ হয়।
পৰিস্থিতি ইমানেই বেয়ালৈ ঢাল খালে যে লোকজনে কাষতে থকা চোকা অস্ত্ৰৰে উপৰ্যুপৰি ঘপিয়ালে পত্নীক। লগে লগে মৃত্যুক সাবটি লয় মহিলাগৰাকীয়ে। পুত্ৰই এই কাৰ্যত বাধা দিবলৈ যোৱাত পুত্ৰকো আক্ৰমণ কৰে মুৰলীয়ে। ২০ বছৰীয়া পুত্ৰও গুৰুতৰভাৱে আহত হয়।
প্ৰতিৱেশীয়ে চিঞৰ–বাখৰ শুনি মুৰলীৰ ঘৰলৈ অহাত মাটিত পৰি থকা অৱস্থাত দেখা পায় মাতৃ–পুত্ৰক। তেজেৰে ৰঙালী হৈ আছিল মজিয়া। লগে লগে দুয়োকে হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু মহিলাগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে। পুত্ৰ বৰ্তমান চিকিৎসাধীন। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত মুৰলী। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|