স্বামীয়ে দামী স্মাৰ্টফোন নিদিয়া বাবে সন্তানৰ সন্মুখতে চিপ লৈ আত্মহত্যা মহিলাৰ

৩ বছৰ পূৰ্বে ছিৰোহৰ বাসিন্দা পূজাই বিশাল আৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ আছে এটি ডেৰ বছৰীয়া কন্যা সন্তান।

News18-Assam
Updated:July 12, 2019, 2:36 PM IST
স্বামীয়ে দামী স্মাৰ্টফোন নিদিয়া বাবে সন্তানৰ সন্মুখতে চিপ লৈ আত্মহত্যা মহিলাৰ
৩ বছৰ পূৰ্বে ছিৰোহৰ বাসিন্দা পূজাই বিশাল আৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ আছে এটি ডেৰ বছৰীয়া কন্যা সন্তান।
News18-Assam
Updated: July 12, 2019, 2:36 PM IST
মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে দামী স্মাৰ্টফোন নিদিয়া বাবেই চিপ লৈ আত্মহত্যা কৰিলে এগৰাকী মহিলাই। মহিলাগৰাকীয়ে স্বামীক এটা দামী স্মাৰ্টফোন দিবলৈ কৈছিল। কিন্তু স্বামীয়ে সস্তীয়া ফোন দিয়াত মহিলাগৰাকী হতাশ হৈ ডেৰ বছৰীয়া সন্তানৰ সন্মুখতে চিপ লৈ আত্মহত্যা কৰে। বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।

অশোক বিহাৰ কলনীৰ বাসিন্দা ২২ বছৰীয়া পূজা নামৰ মহিলাগৰাকীয়ে বুধবাৰে নিশা বাচি লয় এই আত্মহননৰ পথ। নিশা মাতৃয়ে চিপ লোৱা দেখি শিশুটিয়ে কান্দিবলৈ ধৰাত কোঠাৰ বাহিৰত শুই থকা স্বামী টোপনিৰ পৰা সাৰ পাইছিল। ভিতৰৰ পৰা বন্ধ আছিল কোঠাৰ দুৱাৰ। খিৰিকীৰে জুমি চাই স্বামীয়ে প্ৰত্যক্ষ কৰে ওলমি থকা পত্নীক।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৩ বছৰ পূৰ্বে ছিৰোহৰ বাসিন্দা পূজাই বিশাল আৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ আছে এটি ডেৰ বছৰীয়া কন্যা সন্তান। যৌথ পৰিয়ালত থকা বিশালে ঘৰত ষ্টীল ৰেলিং লগোৱা কাম কৰে।

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে কিছুদিন পূৰ্বে পূজাৰ ম’বাইল ফোনটো বেয়া হৈছিল। সেয়েহে স্বামীক এটা দামী ফোন দিবলৈ কৈছিল পূজাই। পূজাই ১৫ হাজাৰ দামৰ এটা ম’বাইল পছন্দ কৰিছিল, কিন্তু বিশালে পূজাক দিছিল এটা ৭ হাজাৰ টকীয়া ফোন। তাকে লৈ দুয়োৰে মাজত সৃষ্টি হৈছিল কাজিয়াৰ। আৰু অৱশেষত পূজাই বাচি ল’লে এই চূড়ান্ত সিদ্ধান্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি