• Home
  • »
  • News
  • »
  • nation
  • »
  • ভেলেণ্টাইন ডে’ত মৃত্যু কামনা কৰিছিল পত্নীয়ে, ইচ্ছা পূৰণ কৰিলে স্বামীয়ে!

ভেলেণ্টাইন ডে’ত মৃত্যু কামনা কৰিছিল পত্নীয়ে, ইচ্ছা পূৰণ কৰিলে স্বামীয়ে!

প্ৰতীকী ফটো

প্ৰতীকী ফটো

ভেলেণ্টাইন ডে’ত স্বামী–স্ত্ৰীৰ মাজতে মৃত্যু কামনা কৰিছিল পত্নীয়ে। তাৰ পিছতদিনাই আত্মঘাতী হ’ল স্বামী। মৃত যুৱকৰজনৰ নাম ৰাজা ঘোষ।

  • Share this:
এক মৰ্মান্তিক ঘটনা। স্বামীৰ মৃত্যু হ’লে মৃতদেহত গোলাপ দি আহিব বুলি কৈছিল পত্নীয়ে। পত্নীৰ মুখত এই কথা শুনি স্বামীয়ে মনত আঘাত পাই লৈ পেলালে সেই কঠোৰ, মৰ্মান্তিক সিদ্ধান্ত। বিহ পান কৰি নিজকে শেষ কৰিলে স্বামীয়ে। ঘটনাটো পশ্চিম বংগৰ দক্ষিণ ছব্বিশ পৰগনাৰ ভাঙৰৰ পোলেৰহাটত।

ভেলেণ্টাইন ডে’ত স্বামী–স্ত্ৰীৰ মাজতে মৃত্যু কামনা কৰিছিল পত্নীয়ে। তাৰ পিছতদিনাই আত্মঘাতী হ’ল স্বামী। মৃত যুৱকৰজনৰ নাম ৰাজা ঘোষ।

মন্দিৰা ঘোষ নামৰ এগৰাকী যুৱতীৰ সৈতে পাঁচ বছৰ প্ৰেমৰ সম্পৰ্ক আছিল কাশীপুৰৰ পোলেৰহাট ঘোষপাৰা অঞ্চলৰ বাসিন্দা ৰাজা ঘোষৰ। তাৰ পিছত বিবাহপাশত আবদ্ধ হয়। কিন্তু বিয়াৰ পিছত মন্দিৰাৰ আন এজন যুৱকৰ সৈতে সম্পৰ্ক স্থাপন হয়। এই লৈ তেওঁলোকৰ সংসাৰত আৰম্ভ হয় অশান্তি। যাৰ ফলত বিচ্ছেদৰ সিদ্ধান্ত লয় ৰাজা আৰু মন্দিৰাই। সেই মতে ৰাজহুৱা সভা পাতি দুই পৰিয়ালৰ সন্মতিত পৃথকে থাকিবলৈ লয় মন্দিৰা আৰু ৰাজা।

ৰাজাৰ পৰিয়ালৰ দাবী, পৃথককৈ থাকিলেও ৰাজাই মন্দিৰাক পাহৰিব পৰা নাছিল। ভেলেন্টাইন ডেৰ দিনা পুৱাও ৰাজা আৰু মন্দিৰাৰ মাজত কাজিয়া হয়। তেতিয়াই মন্দিৰাই ৰাজা কয়, তেওঁৰ মৃত্যু হ’লে মৃতদেহত গোলাপ দি আহিব। মন্দিৰাৰ মুখত এই কথা শুনাৰ পিছতে নিজকে শেষ কৰাৰ সিদ্ধান্ত লয় ৰাজাই। আজি বিহ পান কৰি আত্মঘাতী হয় তেওঁ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পত্নীৰ উচিত শাস্তিৰ দাবী তুলিছে ৰাজাৰ পৰিয়ালে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি